দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ বাংলাদেশ আৰু নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে। মহানৱমীৰ পুৱাই এই মন্তব্য কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ প্ৰধান মোহন ভাগৱতে। প্ৰতিবাৰৰ দৰে এইবাৰো মঙলবাৰে দশেৰা উপলক্ষে ভাষণ প্ৰদান কৰে তেওঁ। ভাষণত বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত বিক্ষোভৰ ঘটনাৰ কথা উল্লেখ কৰে ভাগৱতে।
অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে যি দেশতে যি নহওক কিয়, ভাৰতত চৰকাৰ ওফৰোৱাৰ পৰিকল্পনা সফল নহ’ব। একে সময়তে ভাগৱতে সোঁৱৰাই দিয়ে যে প্ৰতিবাদৰো প্ৰয়োজন আছে।
নাগপুৰত আৰ এছ এছৰ বিজয়া দশমী উদযাপন অনুষ্ঠানত ভাগৱতে কয়, “অসুৰিক শক্তিসমূহে সদায় পৰিকল্পনা কৰে, কেনেকৈ ভাৰত, হিন্দু আৰু সংঘক ছিন্নভিন্ন কৰিব পাৰি। চাওক, ফ্ৰান্স, আলবেনিয়া, নেপাল আৰু বাংলাদেশত কি চলি আছে। একেই ষড়যন্ত্ৰ ভাৰততো চলি আছে। কিন্তু ভাৰতত চৰকাৰ ওফৰোৱাৰ পৰিকল্পনা সফল নহ’ব, কাৰণ ভাৰতে শক্তিশালীভাৱে আগবাঢ়ি গৈছে। তেওঁলোকে কয়, চৰকাৰ ওফৰাই দিলেই পৰিস্থিতিৰ উন্নতি হ’ব। কিন্তু অতীতত কেতিয়াও তেনে হোৱা নাই, আজিও নহ’ব।”
উল্লেখ্য যে আইছাৰ প্ৰধান নেহা বৰাই স্পষ্টকৈ জনাইছিল যে বাংলাদেশৰ ছাত্ৰ আন্দোলনেই তেওঁলোকৰ প্ৰেৰণাৰ উৎস। বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ আঁৰত থকা জুলাই আন্দোলনৰ ছাত্ৰ নেতাসকলেও নেহাসকলৰ আন্দোলনক সমৰ্থন জনাইছে। পৰৱৰ্তী সময়ত বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণেও মুকলিকৈ দাবী কৰে যে তেওঁলোকে ‘ৰেজিম চেঞ্জ’ বিচাৰিছে। মঙলবাৰৰ ভাষণত ভাগৱতে কাৰো নাম উল্লেখ নকৰিলেও ৱাকিবহাল মহলৰ মতে, ককৰোচ জনতা পাৰ্টি আৰু অন্যান্য আন্দোলনকাৰীসকলক লক্ষ্য কৰিয়েই এনে মন্তব্য কৰিছে আৰ এছ এছ প্ৰধানে।
ভাগৱতে কয় যে গণতন্ত্ৰত প্ৰতিবাদৰ প্ৰয়োজন আছে। প্ৰতিবাদ নিশ্চয় হ’ব লাগে। কিন্তু তাৰ উদ্দেশ্য কেৱল সমস্যাৰ সমাধান বিচাৰি উলিওৱা হোৱা উচিত। ৰাজনৈতিক উদ্দেশ্যত বা ভোটৰ বাকচত সফলতা লাভৰ বাবে প্ৰতিবাদ কৰা উচিত নহয়। নাম উল্লেখ নকৰাকৈ চিজেপি আৰু আন প্ৰতিবাদকাৰীসকলক লক্ষ্য কৰি ভাগৱতে কয়, “আমাৰ মাজত অসন্তুষ্টি আৰু বিশৃংখলতাৰ সৃষ্টি কৰিবলৈ বহু শক্তিয়ে কাম কৰি আছে। সেয়েহে আমি সতৰ্ক হৈ থাকিব লাগিব, যাতে এই ফান্দত ভৰি নিদিওঁ।” ভাগৱতৰ এই ভাষণক ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।





























