CockroachJanataParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ ককৰোচ জনতা পাৰ্টি (চিজেপি)-ৰ দুই শীৰ্ষ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি কৰিছে আদালতে। এনে পৰিস্থিতিত তেওঁলোকৰ বিৰুদ্ধে ৰুজু হোৱা দ্বিতীয়টো গোচৰো অপৰাধ দমন শাখা (ক্ৰাইম ব্ৰাঞ্চ)লৈ হস্তান্তৰ কৰিছে দিল্লী আৰক্ষীয়ে।
ইফালে, দুই নেতাৰ ন্যায়িক জিম্মাৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ‘ককৰোছ’সকল। বুধবাৰেই গোচৰটোৰ শুনানিৰ সম্ভাৱনা আছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, এইবাৰ মুক্তি পাবনে চিজেপিৰ নেতাদ্বয়ে?
যন্তৰ মন্তৰক নিৰ্ধাৰিত বিক্ষোভস্থলীৰ তালিকাৰ পৰা আঁতৰাই দিছিল দিল্লী আৰক্ষীয়ে। কিন্তু তাৰ পিছতো যোৱা ১৩ অক্টোবৰত বেৰিকেড অতিক্ৰম কৰি তাত প্ৰৱেশ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সৌৰভ-আশুতোষসকলে।তেওঁলোকৰ উপৰি আন চিজেপি নেতাসকলো উপস্থিত আছিল।
ৰাষ্ট্ৰীয় পতাকা উৰুৱাই শ্লোগান দিয়ে তেওঁলোকে। ইয়াৰ পিছতে চিজেপিৰ নেতাসকলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অৱশ্যে, আনসকলক মুকলি কৰি দিলেও সৌৰভ আৰু আশুতোষক মুক্তি দিয়া হোৱা নাই। বিশেষ কাৰ্যবাহী দণ্ডাধীশে তেওঁলোকক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
সমগ্ৰ ঘটনাক লৈ তেওঁলোকৰ বিৰুদ্ধে মুঠ দুটা গোচৰ ৰুজু কৰা হৈছিল। সোমবাৰেই প্ৰথমটো গোচৰ ক্ৰাইম ব্ৰাঞ্চৰ হাতত অৰ্পণ কৰিছিল দিল্লী আৰক্ষীয়ে। এইবাৰ দ্বিতীয়টো গোচৰো ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰা হ’ল।
উল্লেখ্য যে সোমবাৰে চিজেপিৰ নেতাদ্বয়ৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি গৈছিল। কিন্তু সেই ম্যাদ আৰু দুদিন বৃদ্ধি কৰা হয়। ইয়াক লৈ সৰৱ হৈ পৰে ‘আৰশোলা’সকল। ইয়াৰ পিছতে তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। মঙলবাৰে নিশাই জৰুৰী ভিত্তিত গোচৰটোৰ শুনানি হ’ব বুলি জানিব পৰা গৈছিল। কিন্তু শেষ মুহূৰ্তত সেয়া বাতিল হয়। বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ অৱকাশকালীন বিচাৰপীঠত গোচৰটোৰ শুনানি হোৱাৰ সম্ভাৱনা আছে।
ইফালে, বুধবাৰেই সৌৰভ-আশুতোষৰ অতিৰিক্ত দুদিনৰ ন্যায়িক জিম্মাৰ ম্যাদো উকলিব। ফলত তেওঁলোকক পুনৰ বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হ’ব। এইবাৰ তেওঁলোক কাৰাগাৰৰ পৰা মুক্তি পাবনে? এতিয়া সেইটোৱেই লক্ষণীয়।





























