ItalyProtests : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত তীব্ৰ জনৰোষৰ জুইত জ্বলিছে ফ্ৰান্সৰ চুবুৰীয়া দেশ ইটালিও। দেওবাৰৰ পৰা ইটালীৰ একাধিক চহৰত আৰম্ভ হোৱা বিক্ষোভে দ্ৰুতগতিত হিংসাত্মক ৰূপ ধাৰণ কৰিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে অৰ্থাৎ কালি ইটালীত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে বিশেষ সতৰ্কতা জাৰি কৰিলে ৰোমস্থিত ভাৰতীয় দূতাবাসে।
সামাজিক মাধ্যমত প্ৰকাশ কৰা এক নিৰ্দেশনাত দূতাবাসে জনাইছে যে যোৱা সপ্তাহৰ পৰাই ইটালীৰ একাধিক চহৰত বিক্ষোভ আৰু পথসভা অনুষ্ঠিত হৈ আছে। ভাৰতীয় নাগৰিকসকলৰ উদ্দেশ্যে দূতাবাসৰ তৰফৰ পৰা কোৱা হৈছে, “আমি ভাৰতীয় নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ, জনসমাগম হোৱা অঞ্চল আৰু যিবোৰ স্থানত বিক্ষোভ অনুষ্ঠিত হৈছে, সেইবোৰ এৰাই চলিবলৈ আৰু এই সন্দৰ্ভত স্থানীয় বাতৰিৰ ওপৰত নজৰ ৰাখিবলৈ পৰামৰ্শ দিছোঁ।”
যিকোনো জৰুৰী পৰিস্থিতিত যোগাযোগৰ বাবে দূতাবাসে দুটা বিশেষ হেল্পলাইন নম্বৰো প্ৰকাশ কৰিছে। ইটালীত থকা ভাৰতীয় নাগৰিকসকলে প্ৰয়োজনত ৰোমৰ ভাৰতীয় দূতাবাসৰ কাৰ্যালয়ৰ +৩৯ ৩৩১ ৬১৪ ২০৮৫ নম্বৰত আৰু মিলানৰ কনছুলেট জেনেৰেলৰ কাৰ্যালয়ৰ +৩৯ ৩৮৮১৬৪৭৫২৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।
দেওবাৰে একাধিক চহৰত শান্তিপূৰ্ণভাৱে বিক্ষোভ আৰম্ভ হ’লেও মিলানত ই ভয়াৱহ ৰূপ ধাৰণ কৰে। এদল উন্মত্ত বিক্ষোভকাৰীয়ে আৰক্ষীৰ সৈতে পোনপটীয়া সংঘৰ্ষত লিপ্ত হয়, এটাৰ পিছত আনটো দোকানত লুটপাত চলায় আৰু বিভিন্ন সম্পত্তিত অগ্নিসংযোগ কৰে। আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰা হয়। এই ঘটনাত কেইবাজনো আৰক্ষী কৰ্মী আহত হয়। প্ৰতিবাদকাৰীৰ সমদলটো আধাবাটতে ৰখাই দিয়া হয়।
পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰে যে মিলানৰ কেন্দ্ৰস্থলত থকা বিলাসী শ্বপিং এলেকা ‘ভিয়া মন্টেনাপোলিওনে’ৰ ‘চেনেল’, ‘টিফানি’ আৰু ‘ডিঅ’ৰ’ৰ দৰে আগশাৰীৰ ব্ৰেণ্ডসমূহে দোকানৰ পৰা সামগ্ৰী আঁতৰাই নিয়ে। ‘ডেকাথলন’, ‘আৰ্কিটেৰিক্স’ আৰু ভোডাফোনৰ দৰে প্ৰতিষ্ঠানত ব্যাপক লুটপাত চলোৱা হয়। আতংকিত হৈ ‘লেভিছ’ আৰু ‘আণ্ডাৰ আৰ্মাৰ’ৰ দৰে ব্ৰেণ্ডসমূহে কাৰ্ডবৰ্ড আৰু কাঠেৰে দোকানৰ কাঁচ ঢাকি দিয়ে।
এই পৰিস্থিতিৰ মাজতে ইটালীৰ উপ-প্ৰধানমন্ত্ৰী মাটেও ছালভিনিয়ে সোমবাৰে সামাজিক মাধ্যমযোগে জনায় যে মিলানক সুৰক্ষা দিবলৈ অতিৰিক্ত ৫০০ সেনা মোতায়েন কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, দেওবাৰে মিলানত সংঘটিত অশান্তিৰ ঘটনাৰ সৈতে জড়িত ২৭১জন যুৱকক আটক কৰা হৈছে। ইয়াৰে ৩২জনক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ ভিতৰত ২৩জন নাবালক আৰু ১৩জন বিদেশী নাগৰিক। ইয়াৰ উপৰি, শনিবাৰে উত্তৰাঞ্চলৰ ব’ল’নিয়া, ব্ৰেছিয়া, বেৰগামো আৰু তুৰিনতো ব্যাপক সংঘৰ্ষৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, সেই স্থানসমূহৰ পৰা আৰু ২৮জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। তুৰিন চহৰত হাতুৰী আৰু শিলৰ টুকুৰা লৈ যোৱা লোকসকলক আটক কৰা হৈছে। আনহাতে, সতৰ্কতামূলক ব্যৱস্থা হিচাপে ব’ল’নিয়া চহৰৰ এটা ৰে’ল ষ্টেচন স্থানীয় প্ৰশাসনে সাময়িকভাৱে বন্ধ কৰি দিয়ে।
এই হিংসাত্মক ঘটনাৰ তীব্ৰ নিন্দা কৰিছে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে। দেওবাৰে ‘এক্স’ হেণ্ডেলত ক্ষোভ প্ৰকাশ কৰি তেওঁ লিখিছে, “বিক্ষোভ প্ৰদৰ্শন কৰাটো এটা গণতান্ত্ৰিক অধিকাৰ। কিন্তু আমাৰ চহৰসমূহ জ্বলাই দিয়াটো কোনো অধিকাৰৰ ভিতৰত নপৰে।” সোমবাৰে তেওঁ মন্ত্ৰী আৰু নিৰাপত্তা বিষয়াসকলৰ স’তে এখন জৰুৰী বৈঠকতো মিলিত হয়।
ইটালীৰ আন এগৰাকী উপ-প্ৰধানমন্ত্ৰী আন্তোনিঅ’ তাজানিয়ে জনাইছে যে ৰাষ্ট্ৰৰ ওপৰত চলোৱা এই আক্ৰমণৰ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ’ব। মঙলবাৰে মন্ত্ৰীসভাৰ বৈঠকত এটা বিশেষ নিৰাপত্তা পেকেজত অনুমোদন জনোৱাৰ কথা আছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি, মূলতঃ নাবালক আৰু যুৱ গেংসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে মেলোনি চৰকাৰে ‘প্ৰিভেণ্টিভ ডিটেনচন’ বা প্ৰতিৰোধমূলক আটক ৰখাৰ সময়সীমা বৃদ্ধি কৰাৰ কথা চিন্তা কৰিছে।
মেলোনিয়ে লগতে কয়, “আজি হাজাৰ হাজাৰ লোকে শান্তিপূৰ্ণভাৱে বিক্ষোভ প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে। যি মতাদৰ্শৰ বাবেই বিক্ষোভ অনুষ্ঠিত নহওক কিয়, মানুহৰ অংশগ্ৰহণেই এটা সুস্থ গণতন্ত্ৰৰ ভেটি।” অৱশ্যে, হিংসাৰ ৰাজনীতি বন্ধ কৰিবলৈ তেওঁ বিৰোধীসকলৰ প্ৰতিও আহ্বান জনায়। বিৰোধীসকলে যাতে কোনো ধৰণৰ দ্বিধা নকৰাকৈ এই হিংসাত্মক ঘটনাসমূহৰ তীব্ৰ নিন্দা কৰে আৰু যিকোনো গণ আন্দোলন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে ৰাজহুৱাভাৱে বাৰ্তা দিয়ে, সেই আহ্বানো জনাইছে ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।





























