SBICyberAttack : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অপচেষ্টাৰ বিৰুদ্ধে সৰৱ হ’ল ভাৰত। অধিৱেশনত ভাৰতৰ প্ৰতিনিধি তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ডেপুটি ছেক্ৰেটাৰী বৰখা তাম্ৰাকৰে জনায় যে, মানৱাধিকাৰৰ প্ৰসংগক কোনো দেশৰ ওপৰত ৰাজনৈতিক চাপ সৃষ্টি কৰাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বা বাছি বাছি কিছুমান নিৰ্দিষ্ট দেশক লক্ষ্য কৰি ৰাজনৈতিক অস্ত্ৰ হিচাপে প্ৰয়োগ কৰা উচিত নহয়।
বুধবাৰে ৮১সংখ্যক সাধাৰণ সভাত বৰষাই কয়, “মানৱাধিকাৰৰ ধাৰণাক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা আৰু অসম্পূৰ্ণ পৰিসংখ্যাৰ ভিত্তিত বিশ্বৰ বৃহত্তম গণতন্ত্ৰখনক নেতিবাচকভাৱে প্ৰতিফলিত কৰাৰ যিকোনো প্ৰচেষ্টাৰ ভাৰতে দৃঢ়ভাৱে বিৰোধিতা কৰে।”
বৰষাৰ এই ভাষণ ৮১সংখ্যক সাধাৰণ সভাৰ তৃতীয় কমিটীৰ অধিৱেশনত ৰাষ্ট্ৰসংঘৰ ‘শান্তিপূৰ্ণ সমাৱেশ আৰু জমায়েতৰ অধিকাৰ’ বিষয়ক বিশেষ প্ৰতিবেদক জিনা ৰোমেৰোৱে যোৱা সপ্তাহত দাখিল কৰা প্ৰতিবেদনৰ স’তে সম্পৰ্কিত। ভাৰতৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী অনুজ স্বৰূপে ইয়াৰ পূৰ্বেই প্ৰতিবেদনখন নাকচ কৰিছিল। দিল্লীকে ধৰি ভাৰতৰ বিভিন্ন চহৰত যুৱ প্ৰজন্মৰ শেহতীয়া আন্দোলনত ‘চৰকাৰী দমন-পীড়নৰ প্ৰসংগ’ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছিল।
প্ৰতিবেদনখনত দাবী কৰা হৈছিল যে, ভাৰতত যুৱ সমাজে যেতিয়া লিংগভিত্তিক সমতা, ন্যায়বিচাৰৰ দৰে বিষয়ক লৈ আলোচনা বা প্ৰতিবাদ কৰে, তেতিয়া তেওঁলোকে ৰাষ্ট্ৰীয় বা সামাজিক পৰ্যায়ত প্ৰতিহিংসা, দমন-পীড়ন আৰু কলংক সনা কাৰ্যৰ সন্মুখীন হয়।
আনকি, সেই প্ৰতিবেদনত ‘ককৰোচ জনতা পাৰ্টি’ (চিজেপি)-ৰ নাম উল্লেখ কৰি অভিজিৎ দীপকেসকলৰ শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ ভাৰতৰ বিৰুদ্ধে উত্থাপন কৰা হৈছিল। অনুজে কয়, “সম্পূৰ্ণ ভিত্তিহীন, বেনামী আৰু পৰীক্ষা নকৰা কিছুমান চিঠিৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছে। এনে ভিত্তিহীন প্ৰতিবেদনে ৰাষ্ট্ৰসংঘৰ বিশ্বাসযোগ্যতা নষ্ট কৰিব পাৰে।”
ইয়াৰ লগতে তেওঁ দাবী কৰে যে, ভাৰতীয় সংবিধানৰ ১৯ নম্বৰ অনুচ্ছেদে প্ৰতিগৰাকী নাগৰিকক বাক্স্বাধীনতা আৰু শান্তিপূৰ্ণ সমাৱেশৰ অধিকাৰ প্ৰদান কৰিছে। ভাৰতত শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মই যিকোনো বিষয়ক লৈ স্বাধীনভাৱে আন্দোলন কৰিব পাৰে। শেহতীয়াকৈ সৰ্বভাৰতীয় পৰীক্ষা আইনৰ সংশোধন কৰাৰ দৰে চৰকাৰেও গঠনমূলক আলোচনাৰ জৰিয়তে দেশৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ বক্তব্যক গুৰুত্ব দিবলৈ সক্ৰিয় হৈছে।
বুধবাৰে বৰষা জনায় যে, ভাৰতীয় সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদ, শক্তিশালী ন্যায় ব্যৱস্থা, স্বাধীন সংবাদ মাধ্যম আৰু মানৱাধিকাৰ আয়োগে দেশৰ নাগৰিকসকলৰ সকলো ধৰণৰ অধিকাৰ আৰু আইনী সুৰক্ষা নিশ্চিত কৰে।
ইয়াৰ লগতে তেওঁ কয়, “ভাৰতে আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ প্ৰক্ৰিয়াৰ স’তে জড়িত থাকিবলৈ প্ৰস্তুত। অৱশ্যে, এই সহযোগিতা পাৰস্পৰিক বিশ্বাস, স্বচ্ছতা আৰু কোনো দেশৰ সংস্কৃতি তথা ঐতিহাসিক প্ৰেক্ষাপটৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ ভিত্তিত হ’ব লাগিব—দুমুখীয়া নীতি বা পক্ষপাতিত্বৰ আঁৰত নহয়।”





























