দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অসমলৈ বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰো এক বৃহৎ নেটৱৰ্ক গঢ় লৈ উঠিছে। বাংলাদেশী অনুপ্রৱেশকাৰী অসমৰ মাজেৰে দেশৰ বিভিন্ন ৰাজ্যলৈ কৰ্মৰ সন্ধানত যোৱাৰ তথ্য সঘনে পোহৰলৈ আহে। কিন্তু অসমতে অনুপ্ৰৱেশকাৰীক নিযুক্তি দিয়াৰ তথ্য পূর্বে পোহৰলৈ অহা নাছিল।
শেহতীয়াকৈ এনে শ্রমিক যোগান ধৰাৰ বিনিময়ত দালালে বৃহৎ পৰিমাণৰ কমিছন আদায় কৰাৰ তথ্যও তদন্তত পোহৰলৈ আহিছে। অনুপ্ৰৱেশৰ লগতে বিষয়টো অবৈধ মানৱ সৰবৰাহৰ লগতো সাঙোৰ খাইছে। যোৱা ১০ অক্টোবৰৰ নিশা গোৱালপাৰা চহৰত তিনিটি শিশুসহ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ১২ জনীয়া এটা দল আৰক্ষীৰ হাতত ধৰা পৰে।
এই দলটোক কেন্দ্ৰ কৰি চলোৱা তদন্ততে পোহৰলৈ আহিছে কে’বাটাও উদ্বেগজনক তথ্য। আৰক্ষীৰ তথ্য অনুসৰি ১২ জনীয়া এই দলটোৱে দালালৰ সহায়ত যোৱা পাঁচ অক্টোবৰত মেঘালয়ৰ ভাৰত- বাংলাদেশ সীমন্তৰ জাফলং নামৰ ঠাইখনৰে ভাৰতত প্ৰৱেশ কৰিছিল। এই অনুপ্রৱেশত বাংলাদেশৰ বাসিন্দা ছাবৰ নামৰ এজন দালালে সহায় কৰিছিল। ছাবোৰ নামৰ লোকজন দীর্ঘদিনৰ পৰা এই দালালিত জড়িত। অসমলৈও সঘনে এই লোকজন আহি থাকে।
বিশেষকৈ গুৱাহাটীৰ একাংশ লোকৰ লগত ছাবৰৰ চা-চিনাকি আছে। ইপিনে, দলটোক ভাৰতত অনুপ্ৰৱেশ কৰোৱাৰ পাছত মেঘালয়ৰ খাছিয়া সম্প্ৰদায়ৰ এজন লোকে সংগ দিয়ে। তাৰ পাছত সকলোৱে গুৱাহাটীত উপস্থিত হয়। কিন্তু গুৱাহাটীত অনুপ্ৰৱেশকাৰীৰ দলটো অকলশৰীয়া হৈ পৰে। কাৰণ মেঘালয়ৰ লোকজন প্রথমে আঁতৰি যোৱাৰ পাছত ছাবৰে অনুপ্ৰৱেশকাৰী দলটোৰ হাতত থকা সাত হেজাৰ বাংলাদেশী টাকা একপ্ৰকাৰ কাঢ়ি লয়।
তদুপৰি এজনৰ হাতত থকা ম’বাইল ফোন এটাও কাঢ়ি নিয়ে। এই সমগ্র ঘটনা সংঘটিত হয় গুৱাহাটী ৰেল ষ্টেছনৰ সমীপত। ধন আৰু ম’বাইল ফোনটো কাঢ়ি লৈয়েই দালাল ছাবৰ সেই স্থানৰ পৰা উধাও হয়।
ইয়াৰ পাছত চৰম বিপাঙত পৰে অনুপ্ৰৱেশকাৰীৰ দলটো। তেওঁলোকক গুৱাহাটীৰ এটা কোম্পানীত কাম দিয়াৰ নামত লৈ অহা হৈছিল। অথচ গুৱাহাটীৰ তেওঁলোকে একোৱেই চিনি নাপায়। আৰক্ষীৰ হাতত ধৰা পৰাৰ ভয়ো বাঢ়ি যায়।
তেতিয়া এজনে আগৰ পৰা নাম শুনি অহা গোৱালপাৰালৈ যোৱাৰ সিদ্ধান্ত লয়। তাত সহায় কৰা কোনো মানুহ ওলাব বুলি আশা কৰি গোৱালপাৰাৰ বাছত উঠে। সেইমতে গৈ গোৱালপাৰাত উপস্থিত হয়। কিন্তু নিশা একো উমঘাম নোপোৱাত এখন বজাৰত দলটোৱে আশ্রয় লয়। শিশু আৰু মহিলাসহ মানুহৰ এটা দলে তেনেদৰে আশ্ৰয় লৈ থকা প্ৰত্যক্ষ কৰি স্থানীয় একাংশ লোকে আৰক্ষীক খবৰ দিয়ে।
তেনেদৰেই বাংলাদেশী নাগৰিকৰ দলটো কৰায়ত্ত হয়।
এই ঘটনাৰ তদন্তত পোহৰলৈ আহে যে বাংলাদেশৰ দালালৰ দলে অসমলৈ অনুপ্রৱেশত সক্রিয় ভূমিকা লৈ আহিছে। মানৱ সৰবৰাহৰ এখন বৃহৎ বজাৰ এনেদৰে গঢ়ি তোলা হৈছে। সীমান্ত আৰক্ষীৰ আগত অনুপ্ৰৱেশকাৰীৰ দলটোৱে তথ্য দিয়ে যে ছাবৰ নামৰ দালালজনে গুৱাহাটীৰ এটা উদ্যোগৰ কাৰাখানৰ পৰা ভিডিঅ’ কলৰ জৰিয়তে তেওঁলোকৰ লগত কথা পাতিছিল আৰু সেই কাৰখানাত নিযুক্তি দিয়াৰ কথা কৈছিল।
উদ্যোগটোত কে’বাজনো বাংলাদেশী নাগৰিকে কাম কৰি থকা বুলিও দেখুওৱা হৈছিল। উদ্যোগটোৰ এজন বিষয়ায়ো সেই ভিডিঅ’ কলতে তেওঁলোকক নিযুক্তি দিয়া হ’ব বুলি জনাইছিল। উদ্যোগটোৰ নাম পর্যন্ত জনাইছিল। ইয়াৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে তথ্য লাভ কৰে যে দালাল ছাবৰে নজন পুৰুষ-মহিলাক সস্তীয়া শ্রমিকৰূপে যোগান ধৰাৰ নামত প্ৰতিজনৰ বিপৰীতে প্ৰায় ১০ হেজাৰকৈ টকা উদ্যোগটোৰ পৰা আদায় কৰে।
মৌখিক চুক্তি অনুসৰি আদায় কৰা সেই ধন অনুপ্রৱেশকাৰী শ্রমিককেইজনৰ পাৰিশ্ৰমিকৰ পৰা কাটি ৰখা হ’ব। সীমান্ত আৰক্ষীৰ সূত্রই জনায় যে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বেছিভাগেই অসমত উপস্থিত হোৱাৰ পাছত দেশৰ বিভিন্ন ৰাজ্যলৈ যাত্ৰা কৰে। তেনে ৰাজ্যবোৰত সস্তীয়া শ্রমিক অথবা অন্যান্য কামত নিয়োজিত হোৱাৰ চেষ্টা চলায়।
অসমতো যে অনুপ্রৱেশকাৰীক নির্দিষ্ট একাংশত উদ্যোগত শ্রমিকরূপে নিয়োগ কৰি অহা হৈছে সেই তথ্য শেহতীয়া ঘটনাটোৰ জৰিয়তে পোহৰলৈ আহিছে। বিষয়টোক লৈ অধিক তদন্ত অব্যাহত আছে।






























