আতংকময় নভেল কৰ’না ভাইৰাছৰ সংক্ৰমনক ৰোধিবৰ বাবে ইতিমধ্যে পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ৷কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদ আৰু পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ যুটীয়া সহযোগত জিলাখনৰ ডংকামোকামস্থিত গাৰ্ল মডেল বিদ্যালয়ত স্থাপন কৰা হ’ম কোৱাৰেন্টাইন ফেচিলিটীৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷
ক্ৰমাৎ ৰাজ্যত কৰ’না ভাইৰাচৰ সংক্ৰমণ বৃদ্ধি হোৱালৈ লক্ষ্য কৰিয়েই এই ব্যৱস্থা গ্ৰহণ কৰিছে কাৰ্বি আলঙ স্বায়ত্ত্ব পৰিষদ আৰু পশ্চিম কাৰ্বি আলঙ জিলা প্ৰশাসনে ৷ইফালে এই হম কোৱান্টেইন নিৰীক্ষণ কৰিবলৈ আজি দিনৰ ২.৩০ মিনিটত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ ইয়াৰ পিছতে সোনোৱালে কৰ’না ভাইৰাছৰ সম্পৰ্কে ৰাইজক সজাগ হ’বলৈ আহ্বান কৰে ৷
লগতে সকলো জনসাধাৰণক ১৪ এপ্ৰিললৈকে দিয়া তলাবন্ধ মানি চলিবলৈ আহ্বান কৰে আৰু কৰ’না ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ কাৰণে চৰকাৰে লোৱা যাৱতীয় ব্যৱস্থাৰ বিষয়েও সাংবাদিকৰ আগত অৱগত কৰে ৷ উল্লেখযোগ্য যে ৫ এপ্ৰিলৰ নিশা ৯ বজাৰ পৰা ৯ মিনিট সময়ৰ বাবে সকলো বৈদ্যুতিক লাইট বন্ধ কৰি চাকি,বন্তি,মম আদি জ্বলাবৰ কাৰণে আহ্বান জনায় মুখ্যমন্ত্ৰী সোনোৱালে ৷