জীয়াভৰলীৰ খহনীয়াই সৰ্বস্বান্ত কৰা এটা কৃষক পৰিয়ালৰ এগৰাকী সন্তানে মেধাৰ বলত আৰ্থিক প্ৰত্যাহ্বান আৰু তেনেই সীমিত সুবিধাৰ মাজতে লাভ কৰিছে সফলতা ৷ জীয়াভৰলীৰ সংহাৰী খহনীয়াত ৩০বিঘা কৃষিভূমি হেৰুৱাই জীৱিকাৰ পথেই সলনি কৰিবলগীয়া হোৱা তেজপুৰৰ সমীপৱৰ্তী নপামৰ নকুল নাথ আৰু মালতী নাথৰ কনিষ্ঠ কন্যা সুপ্ৰীয়া নাথে বৰঘাটৰ কাবিলাবাদ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ষ্টাৰ নম্বৰসহ উৰ্ত্তীণ হৈছে । জীয়াভৰলীৰ খহনীয়াত কৃষি ভূমি আৰু ঘৰ, মাটি হেৰুৱাই পিতৃয়ে সম্প্ৰতি পকা মিস্ত্ৰীৰূপে পাঁচজনীয়া পৰিয়ালটোৰ বাবে উপাৰ্জনৰ পথ মোকলাব লগীয়া হৈছে ৷ এনে প্ৰত্যাহ্বানক ওফৰাই সুপ্ৰীয়াই অসমীয়া, গণিত আৰু সংস্কৃতত লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হয় ৷ একেদৰে হলেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেবাগৰাকী ছাত্ৰ ছাত্ৰ-ছাত্ৰীয়ে আৰ্থিক প্ৰত্যাহ্বানক পৰাভূত কৰি কেৱল একাগ্ৰতা আৰু মেধাৰ বলত আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সফলতা লাভ কৰিছে ৷
ইয়াৰে ভিতৰত গৰৈমাৰীৰ পানবাৰী অঞ্চলৰ নিবাসী শ্ৰমিক লখন তাছাৰ কন্যা মৌছুমি তাছাই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৯২ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ৷ একেখন বিদ্যালয়ৰে ছাত্ৰী ৰেছম আনছাৰি আটাইবোৰ বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৮৭ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈ হলেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়লৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে ৷ গৰৈমাৰী কমাৰবস্তি নিবাসী তথা ছিলাই শ্ৰমিক তাজ উদ্দিন আনছাৰিৰ সন্তান ৰেছম, একেখন বিদ্যালয়ৰে আন এজন ছাত্ৰ বিশাল দাস আৰু আন এগৰাকী শ্ৰমিক সন্তান ভাৰতী কুমাৰী দেৱীয়েও সন্মূখীন হোৱা সকলো প্ৰত্যাহ্বান নেওচি উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে শোণিতপুৰৰ মুঠ ১৯ হেজাৰ ৪৫৮ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৬৩.৩১শতাংশ গড়ে ১২হেজাৰ ৩৩৫জন উত্তীৰ্ণ হৈছে৷ইয়াৰে ভিতৰত দুহেজাৰ তিনিশ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৷