পঢ়িবলৈ বিদ্যালয় নাই, শিকাবলৈ শিক্ষাগুৰু নাই। আপোন বুলি মাক-দেউতাক বা কোনো আত্মীয়-কুটুম নাই। ঠিকনাহীন কোনো লোকৰ নিষ্ঠুৰতাৰ বলি হোৱা দুয়োটা চকুৰে দেখা নোপোৱা দুই শিশুৱে আজি উজ্বলাই তুলিলে পাঠশালা । বিগত পোন্ধৰ বছৰে সমাজৰ অৱহেলিত বিশেষভাৱে সক্ষম শিশুসকলৰ আবাসস্হলী পাঠশালাৰ শিশুগৃহ তপোবনত আশ্ৰয় লৈ থকা চুমি দাস আৰু মৃদুল দাসক তপোৱনৰ অধ্যক্ষ কুমুদ কলিতাই নিৰন্তৰ চেষ্টা চলাই তেওঁলোকৰ একাগ্ৰতাৰ বাবে ।
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই দুয়োজনে প্ৰথম স্থান দখল কৰি পুনৰবাৰ প্ৰমাণ কৰি দিলে সফলতা লাভ কৰাৰ ক্ষেত্ৰত শাৰিৰীক অক্ষমতা বাধা হ’ব নোৱাৰে। সফলতাক কোনেও বাধাদি ধৰি ৰাখিব নোৱাৰে। তপোবনতে শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা চুমি আৰু মৃদুলৰ এনে সফলতাৰ বাবে বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই তপোবনত উপস্থিত হৈ শিক্ষাৰ্থী দুয়োগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখ্য যে চকুৰে দেখা নোপোৱা চুমি দাসে সৰুৰে পৰা পাঠ্যপুথি শুনি শুনি আয়ত্ব কৰাৰ উপৰি এগৰাকী সুন্দৰ গায়িকা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। একেদৰে মৃদুল দাসে পঢ়াৰ উপৰি সুন্দৰ তবলাবাদক আৰু ধুনীয়া কবিতা লিখে আৰু আবৃত্তি কৰে। মৃদুলে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰি অসমীয়াত লেটাৰ নম্বৰ লাভ কৰাত গৌৰৱান্বিত হৈ পৰে বজালীবাসী । শৰ্মাই ভ্ৰাম্যমানৰ কান্দাৰী কৃষ্ণ ৰয়, কুমুদ কলিতা আৰু নিবন্ধকাৰ পুলু কুমাৰ শৰ্মাকো সম্বাষণ জনায়।
ইপিনে পাঠশালা তপোবনৰ আবাসী চুমি আৰু মৃদুলৰ সাফল্যৰ খবৰ লাভ কৰি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ফনী পাঠকে তপোবনত উপস্হিত হৈ শিক্ষাৰ্থী দুগৰাকীক সম্বৰ্ধনা জনায় আৰু তেওঁলোকৰ ভৱিষ্যতৰ উজ্বল কামনা কৰে । আনহাতে আজি এনে শুভ মুহূৰ্তত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে চুমিৰ গীত ষ্টুডিঅ’ত বাণীবদ্ধ কৰি তপোবনৰ প্ৰসাৰতাৰ ক্ষেত্ৰত সহযোগ কৰিব বুলি ঘোষণা কৰিছে । তেওঁৰ এনে প্ৰচেষ্টাক চুমি আৰু তপোবন কৰ্তৃপক্ষই ধন্যবাদ জ্ঞাপন কৰিছে ।