কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা জনজাতীয় নেতাৰ মৃতদেহ বিচাৰি অপহৰণ কৰা হ’ল ছজনকৈ লোকক । দক্ষিণ আমেৰিকাৰ দেশ ইকুৱেডৰত সংঘটিত হৈছে এই আশ্চৰ্যকৰ ঘটনাটো । উল্লেখ্য যে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছিল ইকুৱেডৰৰ আমাজন অৰণ্যৰ বাসিন্দা আদিম জনজাতিৰ এজন নেতাৰ ।কৰ’নাৰ স্বাস্থ্যবিধি অনুসৰণ কৰি নেতাজনৰ মৃতদেহ সমাধিস্থ কৰে স্থানীয় প্ৰশাসনে; কিন্তু ইয়াকে লৈ খৰ্গহস্ত হৈ পৰে জনজাতি গোটটোৰ অন্যান্য সদস্যসকল।
সদস্যসকলৰ দাবী তেওঁলোকৰ নেতাজনৰ মৃতদেহ প্ৰশাসনে ওভতাই দিব লাগে । এই দাবী প্ৰশাসনে মানি নোলোৱাত পেৰুৰ সীমান্তৰ এখন গাঁৱৰ পৰা জনজাতি গোটটোৰ সদস্যসকলে দুজন আৰক্ষী বিষয়া, দুজন সেনা তথা দুজন সাধাৰণ নাগৰিকক অপহৰণ কৰি নিয়ে । এই অপহৰণ কাৰ্য সম্পন্ন কৰাৰ পাছত গোটটোৰ সদস্যসকলে চৰ্ত আৰোপ কৰি কয় যে মৃত নেতাৰ মৃতদেহ ওভতাই নিদিয়া পৰ্যন্ত ছয় অপহৃতক মুকলি কৰি দিয়া নহয় । এই অপহৰণ সন্দৰ্ভত দেশখনৰ গৃহমন্ত্ৰীয়ে টুইটও কৰে । আৰক্ষীৰ কমাণ্ডাৰ জেনেৰেল পেট্ৰিচিয়া কেৰিলোৰ মধ্যস্থতাত অপহৃতসকলক মোকোলাই অনা হয়। মুক্তিৰ পাছত আটাইকেইজনৰে স্বাস্থ্য পৰীক্ষা কৰা হয়।