HateSpeech : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ২০২০ চনত নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ বিৰুদ্ধে প্ৰতিবাদক লৈ উত্তপ্ত হৈ পৰিছিল ৰাজধানী দিল্লী। ইয়াৰ মাজতে উত্তৰ-পূব দিল্লীত সংঘটিত হৈছিল ভয়ংকৰ হিংসাত্মক ঘটনা। একাধিক ৰাজনৈতিক নেতাৰ ‘ঘৃণা ভাষণ’ৰ ফলতে দিল্লীৰ পৰিস্থিতি হিংসাত্মক হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছিল।
এই অভিযোগৰ ভিত্তিত FIR পঞ্জীয়ন আৰু বিশেষ তদন্তকাৰী দল (SIT)ৰ তদন্তৰ দাবীত দাখিল কৰা ১৫খন আবেদন সোমবাৰে খাৰিজ কৰে দিল্লী হাই ক’ৰ্টে।
দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত শেখ মুজতবা নামৰ এগৰাকী অধিবক্তাই হাই ক’ৰ্টত আবেদন দাখিল কৰিছিল। আবেদনখনত বিজেপি নেতা কপিল মিশ্ৰ, অনুৰাগ ঠাকুৰ, প্ৰৱেশ বাৰ্মা আৰু অভয় বাৰ্মাৰ ‘ঘৃণা ভাষণ’ৰ ফলতে হিংসা বিয়পি পৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।
‘গণসংঘৰ্ষ উচটনি’ দিয়াৰ অভিযোগত নেতাকেইজনৰ বিৰুদ্ধে FIR পঞ্জীয়নৰ দাবী জনোৱা হৈছিল।
আবেদনখনত উল্লেখ কৰা হৈছিল যে গণসংঘৰ্ষ পূৰ্বে অনুষ্ঠিত এখন জনসভাত তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে CAA-বিৰোধী প্ৰতিবাদকাৰীৰ উদ্দেশ্যে ‘দেশ কে গদ্দাৰো কো, গোলি মাৰো…’ বুলি শ্লোগান দিছিল।
ইয়াৰ পিছদিনা প্ৰৱেশ বাৰ্মাই ‘কাশ্মীৰী পণ্ডিতসকলৰ দৰে অৱস্থা দিল্লীতো হ’ব পাৰে, শ্বাহীনবাগৰ প্ৰতিবাদকাৰীসকলে ঘৰত প্ৰৱেশ কৰি মহিলাৰ ওপৰত আক্ৰমণ চলাব পাৰে’ বুলি কৈছিল বুলি আবেদনখনত অভিযোগ কৰা হয়।
আনহাতে, অধিবক্তা লৰেন্স ভয়েছৰ আবেদনৰ তালিকাত কংগ্ৰেছ নেতা ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, আপ নেতা মণীশ ছিছোদিয়া, আমানাতুল্লাহ খান, AIMIM প্ৰধান আকবৰউদ্দিন ওৱেইছি আৰু প্ৰাক্তন বিধায়ক ৱাৰিছ পাঠানৰ নাম আছিল।
ইফালে, চিপিএম নেত্ৰী বৃন্দা কাৰাটে দাখিল কৰা আবেদনত দিল্লী আৰক্ষী, ৰেপিড একচন ফ’ৰ্চ আৰু চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে অসৎ আচৰণ, অপৰাধ আৰু অন্যান্য অন্যায় কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপন কৰা হৈছিল। আন এটা গোচৰত CAA-বিৰোধী প্ৰতিবাদলৈ ধন যোগান ধৰাৰ অভিযোগৰ তদন্তৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ৰ তদন্ত দাবী কৰা হৈছিল।
সোমবাৰে দিল্লী হাই ক’ৰ্টত এই গোচৰসমূহৰ শুনানি অনুষ্ঠিত হয়। ন্যায়াধীশ বিবেক চৌধুৰী আৰু মনোজ জৈনৰ বিচাৰপীঠে ১৫খন আবেদনেই খাৰিজ কৰে।
উল্লেখ্য, ২০২০ চনৰ ২৪ ফেব্ৰুৱাৰীত CAA আৰু NRCৰ বিৰুদ্ধে উত্তৰ-পূব দিল্লীত ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছিল। অতি কম সময়ৰ ভিতৰতে এই প্ৰতিবাদ সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ লয়। দ্ৰুতগতিত বিয়পি পৰা হিংসাত ৫৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭০০ জন আহত হৈছিল। ৰাজধানীৰ বিভিন্ন স্থানত অগ্নিসংযোগ আৰু ভাঙচুৰৰ ঘটনাও সংঘটিত হৈছিল। সাম্প্ৰতিক ইতিহাসৰ অন্যতম ভয়ংকৰ দাঙ্গা হিচাপে এই ঘটনাক উল্লেখ কৰা হৈছে।






























