AbhijitDipke: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে আৰু এছআইআৰ (বিশেষ নিবিড় সংশোধন) প্ৰক্ৰিয়া ফ্ৰিজ নকৰিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো অৰ্থহীন! এনে মন্তব্য কৰিছে ককৰোচ জনতা পাৰ্টি (চিজেপি)-ৰ প্ৰধান অভিজিৎ দীপকে।
তেওঁৰ মতে, নিৰ্বাচনৰ ফলাফল পূৰ্বৰে পৰা নিৰ্ধাৰিত হৈ থাকে। সেইবাবেই ‘মোদী ঢৌ’তো বিজেপিয়ে জয়লাভ কৰিব নোৱাৰা কেবাখনো ৰাজ্যত পৰৱৰ্তী সময়ত দলটোৱে জয়লাভ কৰিছে।
সোমবাৰে সাংবাদিকৰ আগত দীপকে কয়,“মই ভাবোঁ, জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে আৰু অবাধ তথা স্বচ্ছ নিৰ্বাচন নিশ্চিত নহ’লে এই ধৰণৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কোনো অৰ্থ নাই। কাৰণ বিজয়ী কোন হ’ব, সেয়া আগতেই ঠিক কৰা থাকে।”
একেসময়তে তেওঁ কয়, “বিজেপিয়ে এনে বহু ৰাজ্যত জয়লাভ কৰিছে, য’ত মোদী ঢৌতো তেওঁলোকে জয়ী হোৱা নাছিল। এয়া জ্ঞানেশ কুমাৰৰ বাবেই সম্ভৱ হৈছে। জ্ঞানেশ কুমাৰে পদত্যাগ কৰিলে আৰু এছআইআৰ ফ্ৰিজ কৰিলে বুজা যাব বিজেপিয়ে প্ৰকৃততে কিমানখন আসনত জয়লাভ কৰিছে।”
ইয়াৰ পূৰ্বে যোৱা ২৫ ছেপ্টেম্বৰত সমাজিকমাধ্যমত এটা পোষ্ট কৰি বিৰোধী দলসমূহৰ প্ৰতি কেবাটাও প্ৰশ্ন উত্থাপন কৰিছিল দীপকে। চিজেপি প্ৰধানে কৈছিল, “নিৰ্বাচনত অনিয়ম হৈছে। কিন্তু আপুনি যদি অনিয়ম কৰা নিৰ্বাচনত অংশগ্ৰহণ কৰে, তেন্তে সেই নিৰ্বাচনক বৈধতা প্ৰদান কৰা হয়। নিৰ্বাচন অবাধ আৰু স্বচ্ছ—এনে এটা ভুল ধাৰণাও সৃষ্টি হয়।”
দীপকে জনায় যে অস্তিত্ব ৰক্ষা কৰাৰ বাবেই বিৰোধী ৰাজনৈতিক দলসমূহে ‘অনিয়ম’ হোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। এই প্ৰসংগতে বিৰোধী দলসমূহৰ প্ৰতি চিজেপি নেতাগৰাকীয়ে প্ৰশ্ন কৰে, “যেতিয়া ভোট চুৰি হৈ আছে, আপোনালোকৰ বিধায়ক-সাংসদসকলক ভাঙি নিয়া হৈছে, দল ভাঙি দিয়া হৈছে, তেতিয়া কেনেধৰণৰ অস্তিত্ব বৰ্তাই ৰখাৰ চেষ্টা কৰিছে আপোনালোকে?”































