SIR : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা নহ’লে এছআইআৰ (বিশেষ নিবিড় সংশোধন) প্ৰক্ৰিয়াত স্থগিতাদেশৰ সম্ভাৱনা! সোমবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দাখিল কৰা এখন গোচৰৰ শুনানিত এনে পৰ্যবেক্ষণ আগবঢ়াইছে উচ্চতম ন্যায়ালয়ে।
একে সময়তে শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে যে ‘ফৰ্ম ৬’-ত কোনো পৰিৱৰ্তনৰ অনুমতি দিয়া হোৱা নাছিল। যদি কোনো পৰিৱৰ্তন কৰা হৈছে, তেন্তে কাৰ নিৰ্দেশত সেই পৰিৱৰ্তন কৰা হৈছিল, সেয়া জানিব বিচাৰি কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে।
বিষয়টোত এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে আদালতে। সোমবাৰে এছআইআৰ, নিৰ্বাচন আয়োগ আৰু জ্ঞানেশ কুমাৰ সম্পৰ্কীয় গোচৰসমূহৰ শুনানি হয় মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠত।
সৰ্বভাৰতীয় সংবাদ মাধ্যম ‘ইণ্ডিয়ান এক্সপ্ৰেছ’-ৰ এক প্ৰতিবেদনৰ ভিত্তিত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে স্বেচ্ছাচাৰিতাৰ অভিযোগ উত্থাপন হয়। অভিযোগ অনুসৰি, আন দুগৰাকী নিৰ্বাচন আয়ুক্তৰ আপত্তিক গুৰুত্ব নিদি এটাৰ পাছত এটাকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যৱহৃত ‘ফৰ্ম ৬’-ত বিশেষ পৰিৱৰ্তন কৰা হৈছিল বুলিও দাবী কৰা হয়, যাৰ বিষয়ে আন দুগৰাকী আয়ুক্ত অৱগত নাছিল। সংবাদ মাধ্যমৰ উক্ত প্ৰতিবেদনক ভিত্তি কৰি শীৰ্ষ আদালতত গোচৰ ৰুজু কৰা হয়।
গোচৰসমূহৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত জ্ঞানেশ কুমাৰক নিলম্বন কৰাৰ দাবীতো এখন জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হয়।
তিনি ন্যায়াধীশৰ বিচাৰপীঠে অৱশ্যে স্পষ্ট কৰি দিয়ে যে কোনো সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ভিত্তিত আদালতে পোনপটীয়াকৈ কোনো নিৰ্দেশ জাৰি কৰিব নোৱাৰে। আদালতৰ পৰ্যবেক্ষণ অনুসৰি, কোনো সংবাদ প্ৰতিবেদন ১০০ শতাংশ শুদ্ধ হ’ব পাৰে, আংশিকভাৱে শুদ্ধ হ’ব পাৰে অথবা ভুলো হ’ব পাৰে। সেয়েহে কেৱল প্ৰতিবেদনৰ ভিত্তিত কোনো নিৰ্দেশ দিয়া সম্ভৱ নহয়।
অৱশ্যে কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগৰ পৰা এই সন্দৰ্ভত উত্তৰ বিচৰা হ’ব বুলি জনায় উচ্চতম ন্যায়ালয়ে। আদালতে কয়, যদি কোনো ক্ষেত্ৰত আইন মানি চলা হোৱা নাই বুলি প্ৰমাণিত হয়, তেন্তে আদালতে সেই সিদ্ধান্ত বাতিল কৰি দিব পাৰে।
মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে লগতে কয় যে সমগ্ৰ বিষয়টোৰ সত্যাসত্য পৰীক্ষা কৰাৰ পাছতহে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা সম্ভৱ, তাৰ পূৰ্বে নহয়।
মৃত, সন্ধানহীন আৰু অবৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়াৰ লক্ষ্যৰে এছআইআৰ প্ৰক্ৰিয়া চলোৱা হয়। ইয়াৰ অধীনত ‘ফৰ্ম ৬’-ৰ জৰিয়তে নতুন ভোটাৰ পঞ্জীয়নৰ অনলাইন প্ৰক্ৰিয়াত নিৰ্বাচন আয়োগে এটা ‘আপত্তিজনক’ অতিৰিক্ত চৰ্ত আৰোপ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ইয়াৰ ফলত তালিকাৰ পৰা বহু ভোটাৰৰ নাম বাদ পৰাৰ লগতে ভোটাধিকাৰ হেৰুৱাবলগীয়া হোৱা বুলি দাবী কৰা হৈছে। আদালতৰ অনুমতি অবিহনে এনে চৰ্ত কেনেকৈ আৰোপ কৰিব পাৰি, সেই লৈও প্ৰশ্ন উত্থাপন হৈছে।
উল্লেখ্য, ‘ইণ্ডিয়ান এক্সপ্ৰেছ’-ৰ প্ৰতিবেদন অনুসৰি, জ্ঞানেশ কুমাৰৰ একক সিদ্ধান্ততে নতুন চৰ্ত আৰোপ কৰা হৈছিল আৰু সহকাৰী দুগৰাকী নিৰ্বাচন আয়ুক্তৰ আপত্তি উপেক্ষা কৰা হৈছিল বুলি অভিযোগ উঠিছে।
উল্লেখ্য, ‘ফৰ্ম ৬’ হৈছে ‘ভোটাৰ পঞ্জীয়ন বিধিমালা, ১৯৬০’-ৰ অধীনত নিৰ্ধাৰিত এক বিধিবদ্ধ ফৰ্ম। আইনী অনুমতি অবিহনে এই ফৰ্মত সংশোধন বা পৰিৱৰ্তন কৰা সম্ভৱ নহয়। এনে পৰিপ্ৰেক্ষিতত প্ৰশ্ন উত্থাপন হৈছে—অভিযোগসমূহ প্ৰমাণিত হ’লে পশ্চিমবংগসহ একাধিক ৰাজ্যৰ সমগ্ৰ ভোট প্ৰক্ৰিয়া বাতিল হ’ব পাৰে নেকি? বিশেষজ্ঞসকলৰ মতে, অভিযোগসমূহ প্ৰমাণিত হ’লে তেনে পৰিস্থিতিও সৃষ্টি হ’ব পাৰে।






























