- ভাৰতে ভূটানৰ সীমান্ত অঞ্চলত পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৷ পথটো নিৰ্মাণ হ’লে গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙৰ দূৰত্ব ১৫০ কিলোমিটাৰ হ্ৰাস পাব । শেহতীয়াকৈ ভূটানৰ এই সীমান্ত অঞ্চল চীনে নিজৰ বুলি দাবী কৰিছিল।
- কৰ’না মহামাৰীৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা চলিত বৰ্ষৰ ছেপ্তেম্বৰৰ ভিতৰতে অনুষ্ঠিত হ’ব ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্ৰতাপজ্যোতি সন্দিকৈয়ে ছাত্ৰ-ছাত্ৰীলৈ এখন পত্ৰ প্ৰেৰণৰ যোগেদি এই কথা জানিবলৈ দিয়ে ৷
- সকলো দেশে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত মৌলিক সতৰ্কতা গ্ৰহণ নকৰে তেনেহ’লে কৰ’না ভাইৰাছৰ বৰ্তমান পৰিস্থিতি আৰু অধিক শোচনীয় হ’ব পাৰে । এই সতৰ্ক বাণী বিশ্ব স্বাস্থ্য সংস্থাৰ ৷ সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানমে কয় যে বহু দেশ ভুল পথে আগবাঢ়িছে । কৰ’না ভাইৰাছ এতিয়াও জনসাধাৰণৰ প্ৰধান শত্ৰু হিছাপে আছে।
- অসমবাসীৰ বাবে এক সুখবৰ ৷ অচিৰেই নিৰ্মাণ হ’ব ব্ৰহ্মপুত্ৰ নদীৰ তলত চাৰিলেনযুক্ত বৃহৎ সুৰংগ । এই চাৰিলেনযুক্ত সুৰংগই সংযোগ কৰিব অসমৰ গহপুৰ আৰু নুমলীগড় চহৰক ৷ এই ক্ষেত্ৰত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে মঞ্জুৰী প্ৰদান কৰিছে ৷
- অৱশেষত মুকলি আকাশৰ তললৈ ওলাল কৃষক মুক্তি সংগ্ৰামৰ নেতা মানস কোঁৱৰ ৷ মানসৰ মুক্তিৰ পিছতে তেওঁৰ সমৰ্থকসকল উৎফুল্লিত হৈ পৰিছে ৷ কিন্তু মানসৰ মুক্তিৰ সমান্তৰালকৈ কৃষক নেতা অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰক অনতিপলমে মুক্তি দিবলৈ আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে সমৰ্থকসকলে ৷
- সীমা বিবাদৰ পিছত নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অ’লীৰ বিতৰ্কিত মন্তব্য ৷ অ’লীয়ে কয় ভগৱান ৰাম ভাৰতীয় নাছিল, নেপালী আছিল ৷ লগতে প্ৰকৃত অযোধ্যা ভাৰতত নাছিল নেপালৰ বীৰগঞ্জত আছিল ৷ সম্প্ৰতি অ’লীৰ ভাষ্যই তোলপাৰ লগাইছে সমগ্ৰ দেশ ।
- সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই আজি এমাহ অতিক্ৰম কৰিলে ৷ কিন্তু এতিয়াও মুম্বাইৰ আৰক্ষীৰ হাতত অভিনেতাগৰাকীৰ আত্মহত্যাৰ প্ৰসংগত কোনো চাঞ্চল্যকৰ তথ্য পৰা নাইন। আনহাতে অনাগত ১৫দিনত সুশান্ত সিং ৰাজপুতৰ ফৰেণছিক ৰিপৰ্ট আৰক্ষীক দিয়া হ’ব ৷
ADVERTISEMENT