HellaDuffy : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: শতবৰ্ষত ভৰি দিবলৈ আৰু অধিক দিন নাই। অবিশ্বাস্য যে এনে বয়সত এখন বিমানৰ চূড়াত অর্থাৎ ডেউকাৰ ওপৰত বহি এক যাত্রা সম্পন্ন কৰিলে এগৰাকী ব্ৰিটিছ মহিলাই। ইয়াৰ সুবাদত তেওঁ বিশ্বৰে সবাতোকৈ বয়স্ক উইং ৱাকাৰত পৰিণত হৈছে। মহিলাগৰাকীৰ বয়স সম্প্রতি ৯৯ বছৰ ২১ দিন। শতবর্ষ গৰকিবলৈ মাথোঁ কিছুমাহ বাকী থকা অৱস্থাতো ডুফীৰ চলন-ফুৰণ এগৰাকী যুৱতীৰ লেখীয়া। ব্রিটেইটৰ গ্লুচেষ্টাশ্বায়াৰৰ নিৱাসী ডুফীয়ে ডেভিজেছ অঞ্চলৰ এটা বয়স্ক ব্যক্তিৰ গৃহত বাস কৰে। তেওঁৰ পূৰ্বে বেট্টী ব্ৰমেজ নামৰ এগৰাকী ৯৭ বছৰীয়া মহিলায়ো দুঃসাহসী উইং ৱাকিং কৰিছিল।
তেওঁৰ দ্বাৰা অনুপ্রাণিত হৈ ডুফীয়ে এই অবিশ্বাস্য কাণ্ড সংঘটিত কৰিলে। তেওঁ এখন সৰু বিমানৰ চূড়াত উঠি উইং বাকিং কৰে। এনেদৰে দুঃসাহস প্ৰদৰ্শন কৰি অভিলেখ স্থাপন কৰাৰ সুবাদত তেওঁ স্বাভাৱিকতে বিখ্যাত হৈছে। এই খ্যাতি ব্যৱহাৰ কৰি তেওঁ দুটা স্বেচ্ছাসেবী সংগঠনৰ বাবে পুঁজি সংগ্ৰহ আৰম্ভকৰিছে।
এনেদৰে তেওঁ বিগত কিছুদিনত তেওঁ দান দিয়াৰ বাবে ১৩শ পাউণ্ড সংগ্ৰহ কৰিছে। এতিয়াও এগৰাকী ২০ বছৰীয়া যুৱতীৰ দৰে প্রাণবন্ত ডুফী সাত ভাই-ভনীৰ জ্যেষ্ঠ। তেওঁ কৰা এই দুঃসাহসিক কাণ্ড সন্দৰ্ভত তেওঁৰ দুই ভতিজাক জেকী ৰোজ আৰু জুলি প্রীচে কয়, ‘আমি তেওঁৰ এই যাত্রা চাবলৈ গৈছিলো। তেওঁ এগৰাকী স্বতন্ত্ৰ আৰু খোলাখুলি মনৰ মহিলা। দীর্ঘকাল ধৰি এনে এক দুঃসাহসিক কাম কৰি দেখুওৱাৰ সপোন তেওঁ পুহি ৰাখিছিল।
তেওঁ দেখুৱাবলৈ বিচাৰিছিল যে বয়স মাথোঁ সংখ্যাহে। গতিকে তেওঁ ৯৯ বছৰতো এই দুঃসাহসিক কর্ম সম্পন্ন কৰিলে।’ আনহাতে এই অভিজ্ঞতা সম্পর্কত ডুফীয়ে কয়, ‘মোৰ দেউতা জীৱিত থকা হ’লে অত্যন্ত সুখী হ’লহেঁতেন। জ্যেষ্ঠ সন্তানৰ কৃতিত্বক লৈ তেওঁ গর্বিত হ’লহেঁতেন।’ এই দুঃসাহসিক যাত্রা সম্পন্ন কৰাৰ পাছতে গিণীজ বুকৰ বিষয়াবৰ্গই ডুফীক প্রমাণপত্র প্রদান কৰে।





























