Dussehra : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দীর্ঘদিনৰ প্রচলিত বিশ্বাস অনুসৰি, দছেৰা বা বিজয়া দশমীৰ দিনা অশুভ শক্তিৰ প্ৰতীকৰূপে ৰাৱণৰ প্ৰতিকৃতি দাহ কৰা হয়। হিন্দু ধৰ্মাৱলম্বী লোকৰ বিশ্বাস অনুসৰি, এই বিশেষ দিনটোত ভগৱান ৰামে ৰাৱণক পৰাস্ত কৰি লংকাৰ পৰা দেৱী সীতাক উদ্ধাৰ কৰি আনিছিল।
সেয়ে দছেৰা মানেই হৈছে অশুভ শক্তিৰ বিনাশ ঘটাই শুভ শক্তিৰ সূচনা কৰা। সমগৰ দেশত অযোধ্যা নৰেশ ৰামকেই ভগৱানৰূপে পূজা কৰা হয়। অথচ জানিলে অবাক হ’ব যে ভাৰতত এনে কিছু গাঁও আছে, য’ত স্বয়ং ৰাৱণক পূজা কৰা হয়। আনকি দছেৰাৰ দিনাও এই গাঁওসমূহৰ বাসিন্দাসকলে ৰাৱণৰ প্ৰতিকৃতি দাহৰ পৰা বিৰত থাকে। এখন গাঁৱত আকৌ ৰাৱণক নিজৰ ঘৰৰ জোঁৱাইৰূপে শ্রদ্ধা কৰা হয়।
লক্ষ্যণীয়ভাবে এই গাঁওসমূহ একে স্থানতে নাই, বৰঞ্চ একাধিক ৰাজ্যত আছে।উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ কাষতে অৱস্থিত এখন জনপ্রিয় গাঁও বিছৰাখ। দেশৰ অন্যান্য গাঁৱৰ তুলনাত ইয়াত দছেৰা পালনৰ ধৰণ সম্পূৰ্ণ পৃথক।
স্থানীয় বিশ্বাস অনুসৰি, এই গাঁওখন হৈছে ৰাৱণৰ জন্মস্থান। ইয়াত কিছু স্মাৰকো দেখা যায়, যিবোৰৰ ৰাৱণৰ স’তে সম্পর্ক থকা বুলি গাঁওবাসীয়ে দাবী কৰে। এই গাঁৱৰ মানুহৰ বাবে ৰাৱণ কেৱল ৰামৰ এজন প্ৰতিপক্ষ নহয়। তেওঁলোকে ৰাৱণক এজন পণ্ডিত ব্রাহ্মণৰূপে গণ্য কৰে। প্ৰচলিত বিশ্বাসৰ পৰা এই গাঁৱৰ দছেৰা ভিন্ন ধৰণে পালন কৰা হয়।
সমগ্ৰ দেশৰ মানুহে যেতিয়া দছেৰাৰ দিনা দশানন ৰাৱণৰ প্ৰতিকৃতি দাহ কৰে, তেতিয়া বিছৰাখ গাঁৱৰ মানুহে নৱৰাত্ৰিৰ সময়ত সকলো আচাৰ-অনুষ্ঠান পালন কৰাৰ সমান্তৰালকৈ যজ্ঞ কৰে। তেওঁলোকে যিহেতু ৰাৱণক ব্রাহ্মণ পণ্ডিত বুলি গণ্য কৰে, সেয়ে ৰাৱণৰ প্ৰতিকৃতি দাহনক তেওঁলোকে এজন ব্রাহ্মণক হত্যা কৰাৰ সমান পাপ বুলি গণ্য কৰে।
এনে কৰিলে তেওঁলোকৰ গাঁৱলৈ দুর্ভাগ্য নামি আহিব বুলিও গাঁওবাসীয়ে বিশ্বাস কৰে। পশ্চিম মধ্যপ্ৰদেশৰ মান্দসৌৰক ৰাৱণৰ শহুৰেকৰ ঘৰ বুলি কোৱা হয়। প্রচলিত বিশ্বাস অনুসৰি, এই গাঁৱতে ৰাৱণৰ পত্নী মন্দোদৰীৰ জন্ম হৈছিল। সেয়ে এই গাঁৱৰ লোকসকলে অতীজৰ পৰাই ৰাৱণক জোঁৱাই বুলি গণ্য কৰি আহিছে।
সেইবাবেই অন্যান্য গাঁৱৰ তুলনাত ইয়াতো দছেৰা পালনৰ পদ্ধতি পৃথক। এই গাঁৱৰ লোকসকলৰ বাবে ৰাৱণ জোঁৱাইৰূপে পৰিচিত। সেয়ে দছেৰাত তেওঁলোকে ৰাৱণৰ প্ৰতিকৃতি দাহ কৰাৰ পৰিৱৰ্তে শ্রদ্ধাহে জ্ঞাপন কৰে।
উত্তৰ প্ৰদেশৰ কানপুৰৰ শিওৱালা অঞ্চলত ৰাৱণৰ মন্দিৰ আছে। এই মন্দিৰত আচাৰ-অনুষ্ঠান পালনৰ বাবে এক নির্দিষ্ট সূচী মানি চলা হয়। ইয়াৰ দছেৰাও সম্পূৰ্ণ পৃথক। দছেৰাৰ দিনা এই গাঁৱৰ বাসিন্দাসকলে ৰাৱণৰ প্ৰতিকৃতি দাহ কৰাৰ পৰিৱৰ্তে ৰাৱণ ভক্তসকলে তেওঁৰ ওচৰত প্রার্থনা জনায় আৰু ‘জয় লংকেশ’ ধ্বনি দিয়ে।
ইয়াত ৰাৱণৰ ভগৱান শিৱ আৰু দেৱী ছিন্নমস্তা লগত যুক্ত এক মূর্তিৰূপে পূজা কৰা হয়। সকলোতকৈ মজাৰ বিষয়টো হৈছে, এই মন্দিৰৰ দ্বাৰ ভক্তসকলৰ বাবে সমগ্ৰ বছৰটো বন্ধ থাকিলেও দছেৰাৰ দিনা খুলি দিয়া হয়।
মধ্যপ্রদেশৰ বিদিশা জিলাৰ ৰাৱণগ্ৰামৰ বাসিন্দাসকলৰ বাবে ৰাৱণ তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ দৰে। ইয়াৰ স্থানীয় লোকসকলে বিশ্বাস কৰে যে ৰাৱণৰ পৰিয়ালৰ স’তে তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ এক বিশেষ যোগসূত্র আছে। এই গাঁৱত ৰাৱণৰ যি মন্দিৰ আছে, তাত প্রায় ১০ ফুট উচ্চতাৰ এক বিশাল আকাৰৰ ৰাৱণৰ মূৰ্তি শায়িত অৱস্থাত আছে।
গাঁওবাসীয়ে এই মূর্তিক অতি শ্ৰদ্ধাৰে ৰাৱণ বাবাৰূপে পূজা কৰে। তেওঁলোকে বিশ্বাস কৰে যে ৰাৱণ কেৱল এক পৌৰাণিক চৰিত্ৰই নহয়, তেওঁ গাঁওবাসীৰ পাৰিবাৰিক বিশ্বাস আৰু ঐতিহ্যৰ প্ৰতীক।
অন্ধ্রপ্রদেশৰ উপকূলৱৰ্তী চহৰ কাঁকিনাড়াত ৰাৱণক ভগৱান শিৱৰ ভক্তৰূপে পূজা কৰা হয়। এই গাঁৱৰ বাসিন্দাসকলৰ ওচৰত ৰাৱণৰ শিৱভক্তিৰ কাহিনীয়ে বিশেষ গুৰুত্ব পায়। প্রচলিত বিশ্বাস অনুসৰি, শিৱৰ প্ৰতি ৰাৱণৰ গভীৰ শ্ৰদ্ধাৰ বাবেই ইয়াত তেওঁক স্মৰণ কৰা হয় ।






























