AirIndiaExpress : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ বিশাখাপট্টনম বিমানবন্দৰৰ পৰা উৰা মাৰিছিল এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমানে। বিমানখনৰ গন্তব্যস্থান আছিল বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। অৱশ্যে অৱতৰণৰ কিছু সময় পূৰ্বে চৰাইৰ স’তে খুন্দা লাগে বিমানখনৰ। পাইলটৰ দক্ষতাৰ বাবে কোনো ডাঙৰ বিপদৰ সৃষ্টি নহ’ল। নিৰাপদে কেম্পেগৌড়া বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে।
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানখনে বিশাখাপট্টনমৰ পৰা ১৪৮জন যাত্ৰী লৈ বেংগালুৰু অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। অৱতৰণৰ পূৰ্বে দুৰ্ঘটনাৰ সন্মুখীন হয় বিমানখন। চৰাইৰ স’তে খুন্দা লগাৰ ফলত বিমানখন কঁপি উঠে। ইয়াৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
অৱশ্যে পাইলটে অতি সাৱধানতাৰে কেম্পেগৌড়া বিমানবন্দৰত বিমানখন অৱতৰণ কৰায়। বিমানবন্দৰত অৱতৰণৰ পাছত বিমানখন পাৰ্কিং ষ্টেণ্ডলৈ লৈ যোৱা হয়। নিৰাপত্তা সম্পৰ্কীয় নিয়ম অনুসৰি বিমানখন পৰীক্ষা-নিৰীক্ষা কৰা হ’ব।
তাৰ পিছতহে পৰৱৰ্তী যাত্ৰাৰ উদ্দেশ্যে পুনৰ উৰা মাৰিব বিমানখনে। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি বিমানবন্দৰ সূত্ৰে জানিব পৰা গৈছে।
ইয়াৰ পূৰ্বে যোৱা শনিবাৰেও একেধৰণৰ ঘটনা সংঘটিত হৈছিল। ডুবাইৰ পৰা উৰা মৰা এমিৰেটছৰ এখন বিমান দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত চৰাইৰ সৈতে খুন্দা লাগিছিল। অৱশ্যে বিমানখন নিৰাপদে অৱতৰণ কৰে।
প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ পাছত বিমানখন পুনৰ ডুবাই অভিমুখে উৰা মাৰে। অৱশ্যে নিৰ্ধাৰিত সময়তকৈ যথেষ্ট পলমকৈহে বিমানখনে দিল্লী বিমানবন্দৰৰ পৰা উৰা মাৰিছিল।






























