DharaviRedevelopment : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মুম্বাই বুকুত অৱস্থিত এছিয়াৰ বৃহত্তম বস্তি ধাৰাভিৰ পুনর্বাসন প্রক্রিয়াত এক বৃহৎ পদক্ষেপ গ্রহণ কৰিলে আদানী গোষ্ঠী নেতৃত্বাধীন ধাৰাভি ডেভেল’পমেন্ট প্রজেক্ট’ (চিআৰপি) -এ।
দীর্ঘদিনীয়া প্রশাসনিক আৰু ৰাজনৈতিক টনা-আঁজোৰাৰ অন্তত অৱশেষত ধাৰাভিত বাস কৰা লোকসকলক স্থানান্তৰৰ লক্ষ্যৰে মাতুংগা অঞ্চলত আদানী গোষ্ঠীয়ে আৰম্ভ কৰিলে ১০,৪৩২টা পুনর্বাসন ফ্লেট নিৰ্মাণৰ কাম।
প্রকল্পটোৰ স’তে যুক্ত কর্মকর্তাসকলৰ সূত্রই জনাইছে যে মাতুংগাৰ ৰেলৱে কল ‘নীৰ বিস্তীর্ণ ভূমিত এই কে’বা মহলীয়া আৱাসন কমপ্লেক্সটো গঢ়ি তোলা হৈছে। আধুনিক নাগৰিক সুযোগ-সুবিধা সম্বলিত এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে প্রধানকৈ সেই সকল ধাৰাভিবাসীৰ বাবে, যিসকলে সংশ্লিষ্ট অঞ্চলত দীর্ঘদিন ধৰি বসবাস কৰি অহাৰ পাছত পুনর্বাসনৰ চূড়ান্ত তালিকাত স্থান পাইছে।
অত্যাধুনিক প্রযুক্তি আৰু সুৰক্ষাবিধি মানি নিৰ্ধাৰিত সময়ৰ ভিতৰতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে, যাতে বাসিন্দাসকলৰ দীর্ঘ প্রতীক্ষাৰ অন্ত পেলাই সোনকালে তেওঁলোকক নিজৰ স্থায়ী ঠিকনালৈ পুনর্বাসিত কৰিব পৰা যায়। উল্লেখ্য যে ধাৰাভি পুনর্নির্মাণ প্রকল্পক কেন্দ্র কৰি দীৰ্ঘদিনৰ পৰা বিভিন্ন স্থানীয় গোষ্ঠী, ৰাজনৈতিক দল আৰু পৰিৱেশকৰ্মীৰ মাজত নানা বিতর্ক আৰু বিক্ষোভ চলিছিল।
বাসিন্দাসকলৰ সঠিক তালিকা প্রস্তুত, যোগ্য আৰু অযোগ্যসকলক ভাগ কৰা তথা বস্তি অঞ্চলৰ বাহিৰত পুনর্বাসন দিয়াক লৈ একাধিক প্রশ্ন তুলিছিল বিৰোধীয়ে।
অৱশ্যে সমস্ত প্রতিকূলতাক নেওচি অৱশেষত এই বিপুল সংখ্যক ফ্লেট নিৰ্মাণৰ কামৰ আৰম্ভণিক প্ৰশাসনৰ তৰফৰ পৰা প্ৰকল্পৰ বাস্তৱ ৰূপায়ণত বিশেষ সাফল্য বুলি গণ্য কৰিছে। সংশ্লিষ্ট বিষয়াসকলে দাবী কৰিছে যে এই আৱাসন প্রকল্প দ্রুত ৰূপায়িত হ’লে ধাৰাভিৰ সামগ্রিক ৰূপ পৰিৱৰ্তনৰ স্বপ্নও ক্রমাৎ বাস্তৱায়িত হ’ব।





























