দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাখে হৰি মাৰে কোনে! এই আপ্তবাক্যাষাৰ যেন আখৰে আখৰে মিলিল এটি কুকুৰৰ ক্ষেত্ৰত। জনশূন্য চৌপাশ ঘেৰি ৰাখিছে শুকুলা বৰফে! কাজেই ঠেৰেঙা লগা শীত পৰিছে। এনে এক পৰিৱেশতে দুদিনৰো অধিক সময় ধৰি আবদ্ধ থাকিল এটি কুকুৰ।
দৈৱক্রমে কুকুৰটোৰ প্ৰাণো ৰক্ষা পৰিল। একপ্ৰকাৰ অবিশ্বাস্য এই ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কাত। এনে এক হিমশীতল পৰিৱেশত দুদিনৰো অধিক সময় পাৰ কৰাৰ পাছত জীবন্তে উদ্ধাৰ হোৱা কুকুৰটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।
একপ্ৰকাৰ নিশ্চিত মৃত্যুৰ মুখৰ পৰা ঘূৰি অহা কুকুৰটোৰ নাম লুলু। সম্প্রতি পাঁচ বছৰীয়া লুলু হৈছে পুড়ুল আৰু হাস্কিৰ সংকৰ প্ৰজাতিৰ। আলাস্কাৰ পৰ্বতলৈ লুলুক দুজন পর্বতাৰোহীয়ে লৈ গৈছিল। দুর্ভাগ্যবশতঃ এক প্রচণ্ড তুষাৰপাতত পর্বতাৰোহীদ্বয় গুৰুতৰভাৱে আহত হয়।
পাছত দুয়োকে উদ্ধাৰ কৰা হয় যদিও লুলু উদ্ধাৰ নহ’ল। ফলত অমাত প্রাণীটোৱে প্রচণ্ড শীতল পৰিৱেশত ৫০ ঘণ্টাবো অধিক সময় অকলে পাৰ কৰিবলগীয়া হয়। জনবসতিহীন পৰিৱেশত কুকুৰাটোৱে অকলে অনাহাৰে দুদিনৰো অধিক সময় পাৰ কবে।
এনেদৰে প্রতিকূল পৰিবেশৰ বিৰুদ্ধে যুঁজ দিয়া কুকুৰটোৰ সন্ধানত দুদিনৰ পাছতহে অভিযান চলে। অৱশেষত উদ্ধাৰকাৰীয়ে লুলুক আলাস্কাৰ ছুগেচ স্টেট পাৰ্কৰ বৰফে ঢকা প্রান্তত প্রত্যক্ষ কৰে। লুলুৰ উদ্ধাৰ অভিযানত হেলিকপ্টাৰো ব্যৱহাৰ কৰা হৈছিল। প্রচণ্ড শীতত কঁপি কঁপি সময় অতিবাহিত কৰা লুলুক অক্ষত অৱস্থাত উদ্ধাৰে বহুতকে আনন্দিত কৰিছে।
লুলুৰ উদ্ধাৰ অভিযানত কমেও ২০ জন স্বেচ্ছাসেৱী নিয়োগ কৰা হয়। উদ্ধাৰকাৰীয়ে হেলিকপ্টাৰৰ লগতে ড্ৰ’নো ব্যৱহাৰ কৰে। অৱশেষত গোন্ধৰ পম খেদি কুকুৰটোক উদ্ধাৰ কৰা হয়।
এই মুহূৰ্তৰ দৃশ্য সম্বলিত ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে এই ভিডিঅ’ৰ তলত ভিন্ন মন্তব্য কৰিছে। লুলুক উদ্ধাৰৰ বাবে
স্বেচ্ছাসেৱকসকলে ঐক্যবদ্ধ অভিযান চলায়।
পর্বতাৰোহীদ্বয় বৰফ খহি আহত হোৱা স্থানৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰত্বৰ পৰা কুকুৰটোক উদ্ধাৰ কৰা হয়।






























