চোৰাং কাঠৰ বেহা অব্যাহত আছে অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত । পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জেৰিকীন্দেঙৰ ‘ইংহীন-লাংছ’ নামৰ ঠাইত অবৈধ আৰু চোৰাংভাৱে ফালি ৰখা কাঠ জব্দ কৰে খেৰণি বন বিভাগে । কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ চোৰাং কাঠ ব্যৱসায়ীয়ে কাঠ সৰবৰাহ কৰাৰ পৰিকল্পনাৰে জব্দ হোৱা কাঠখিনি ফালিছিল চোৰাং কাঠ ব্যৱসায়ীয়ে।
উল্লেখযোগ্য যে বন বিভাগৰ নিয়মীয়া অভিযানত চোৰাং কাঠৰ অবৈধ কাৰ্যৰ সৈতে জড়িত কোনো এজন লোককে কৰায়ত্ত কৰিব নোৱাৰে যদিও ঘটনাস্থলীৰ পৰা এম এল ০৪ বি-৮৪৯৪ নম্বৰৰ এখন মটৰ চাইকেল (ডিছকভাৰ) জব্দ কৰাৰ লগতে কাঠ ফলা যন্ত্ৰচালিত এখন কৰত জব্দ কৰিবলৈ সক্ষম হয় বিভাগটোৱে। বিৱৰণী অনুসৰি বিভাগীয় লোক উক্ত স্থান পোৱাৰ পূৰ্বেই কাঠ চুৰ পলায়ন কৰে সেই স্থানৰ পৰা। আৰু এনেদৰে আজিও চোৰাং কাঠৰ বেহা আৰু বন ধ্বংসৰ যজ্ঞ অব্যাহত আছে অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ এনেবোৰ অঞ্চলত।



































