কৰ’না মহামাৰীৰৰ সময়ত আন্তঃৰাষ্ট্ৰীয় বিমান আৰু ঘৰুৱা বিমানসমূহৰ চালন কৰিবলৈ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে ৷ কৰ’না মহামাৰীৰ কাৰণে এয়াৰ লাইন্স ইণ্ডাষ্ট্ৰী সম্প্ৰতি ধৰাশায়ী হোৱাৰ উপক্ৰম হৈছে। আৰ্থিক সংকটৰ সন্মুখীন হৈ এই সময়ত কিছুমান বিমানসেৱা প্ৰায় ধ্বংস প্ৰাপ্ত হৈছে ৷ সমগ্ৰ বিশ্বত বিমান সেৱাত নিয়োজিত প্ৰায় চাৰি লাখ লোক সম্প্ৰতি চাকৰি হেৰুৱাইছে ।
বিমান সেৱাসমূহে কৰ্মচাৰীসকলক কোনো ধৰণৰ বেতন নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি দিছে ৷ আনহাতে, বিমান সেৱাত জড়িত চাকৰিৰ পৰা অব্যাহতি দিয়া লোকসকলৰ ভিতৰত আছে কেবিন ক্ৰু আৰু পাইলট ৷ লগতে ইন্টাৰনেশ্যনেল এয়াৰ ট্ৰান্সপৰ্ট এছ’চিয়েছনৰ মতে বিমান নিৰ্মাণকাৰী, ইঞ্জিন নিৰ্মাতা, বিমানবন্দৰ আৰু ট্ৰেভেল এজেন্সীৰ লগতে বিমান সেৱাত জড়িত লোকসকলৰ প্ৰায় অধিকসংখ্যক লোকচান হ’ব পাৰে।