RahulGandhi : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ বিমানত বহি থকা ৰাহুল গান্ধীৰ এখন ছবি শ্বেয়াৰ কৰি তীব্ৰ আক্ৰমণ চলাইছে বিজেপিয়ে। বিজেপিৰ দাবী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ভিয়েটনামলৈ গৈছে। অৱশ্যে ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই। এই ছবি শ্বেয়াৰ কৰিয়েই বিজেপিয়ে কটাক্ষ কৰি কয় যে ‘মিছা বিয়পাই’ ভাগৰি পৰি এইবাৰ বিদেশলৈ উৰা মাৰিছে ৰাহুলে।
শেহতীয়াকৈ এছআইআৰ বিতৰ্কক কেন্দ্ৰ কৰি ককৰোচ জনতা পাৰ্টিৰ লগতে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে আন্দোলনত নামিছে। সেই প্ৰতিবাদৰ পিছতে ৰাহুলে বিদেশলৈ আৰাম কৰিবলৈ গৈছে বুলি ক’ব বিচাৰিছে গেৰুৱা শিবিৰে।
পোষ্টটোত ৰাহুলৰ বক্তব্যৰ ৰূপত এটা সংলাপো প্ৰস্তুত কৰি লিখি দিয়া হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি বিজেপিয়ে লিখিছে, ‘মিছা বিয়পাই বিয়পাই মই ভাগৰি পৰিছোঁ… মোক কেইদিনমানৰ বাবে ভিয়েটনামত ঘূৰি ফুৰিবলৈ দিয়ানা… কোনেনো জানিব!’
ভিডিঅ’টোত নীলা টি-ছাৰ্ট পৰিহিত এজন লোকক দেখা গৈছে। আন এজন যাত্ৰীৰ কেমেৰাত বন্দী হোৱা সেই লোকজন ৰাহুল বুলি দাবী কৰিছে বিজেপিয়ে। আনকি ভিডিঅ’টোত এজন সহযাত্ৰীয়ে আন এজনক বহি থকা লোকজন ৰাহুলেই বুলি কোৱা শুনা গৈছে।
এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমে দাবী কৰিছে যে বিদেশ ভ্ৰমণলৈ যাবলৈ কেইদিনমানৰ ছুটী লৈছে ৰাহুলে। প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে তেওঁ চাৰিদিন ভিয়েটনামত থকাৰ কথা।
ইফালে, বিজেপিৰ কটাক্ষৰ প্ৰত্যুত্তৰ দিছে কংগ্ৰেছেও। ‘ৰচনাত্মক কংগ্ৰেছ’ৰ অধ্যক্ষ সন্দীপ দীক্ষিতে কয়, “ৰাহুল গান্ধীৰ এটা ব্যক্তিগত জীৱন আছে। ইয়াৰ উপৰি বিৰোধী দলপতি হিচাপে তেওঁৰ নিজৰ কিছুমান দায়িত্বও আছে। তেওঁ যেতিয়াই বিদেশ ভ্ৰমণলৈ যায়, তেতিয়াই কিবা নহয় কিবা গঠনমূলক কাম কৰে। কেতিয়াবা তেওঁ য়েল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰিছে, আকৌ কেতিয়াবা বুদ্ধিজীৱীসকলৰ সৈতে আলোচনাত মিলিত হোৱা দেখা গৈছে তেওঁক। তেওঁ সদায় এনে কিছুমান কাম কৰে, যিবোৰে দেশৰ উপকাৰ সাধন কৰে।”
ইয়াৰ লগতে নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কটাক্ষ কৰি সন্দীপ দীক্ষিতক কোৱা শুনা গৈছে, “ৰাহুল গান্ধীয়েতো সংবাদ মাধ্যমৰ স’তে কথা পাতে। আমাৰ প্ৰধানমন্ত্ৰীয়ে বাৰু তেনে কৰে নেকি?”





























