FranceProtests : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু বিদ্যালয়কে ধৰি জনসেৱাৰ শোচনীয় অৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত দেশজুৰি চলি থকা বিক্ষোভে সপ্তাহান্তত ব্যাপক হিংসাত্মক ৰূপ ধাৰণ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কেবাখনো চহৰত আংশিক সান্ধ্য আইন আৰু সমাৱেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ফ্ৰান্সৰ প্ৰশাসনে।
হিংসা প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হোৱাত প্ৰশাসনৰ ভিতৰতো তীব্ৰ চাপৰ সৃষ্টি হৈছে।সমগ্ৰ পেৰিছত সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰাৰ পৰিৱৰ্তে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ অঞ্চলভিত্তিক নিষেধাজ্ঞা আৰোপ কৰাৰ পক্ষে মত প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী ছেবাষ্টিয়ান লেকৰ্নুৱে।
তেওঁৰ নিৰ্দেশত সোমবাৰে নিশা ১১ বজাৰ পৰা মঙলবাৰে পুৱা ৬ বজালৈ পেৰিছৰ ‘প্লাছ দে লা ৰিপাব্লিক’ আৰু ‘লে আল’ শ্বপিং এলেকাত সান্ধ্য আইন জাৰি কৰে আৰক্ষীয়ে। জনসাধাৰণ আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত নিশা আঠ বজাৰ পিছৰ পৰা ৰাজধানীখনত সকলো ধৰণৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে।
ইয়াৰ উপৰি উত্তৰ ফ্ৰান্সৰ লিল চহৰত নিশা আঠ বজাৰ পৰা পুৱা ছয় টোৰ বজালৈ আৰু নিচ চহৰতো নাবালকসকলৰ বাবে নিশাৰ সান্ধ্য আইন জাৰি কৰা হৈছে। সোমবাৰে নিৰ্দিষ্ট সময়ৰ বাবে মাৰ্ছেই চহৰতো বিক্ষোভ আৰু সমাৱেশ নিষিদ্ধ কৰে প্ৰশাসনে।
সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছ (এপি)-ৰ প্ৰতিবেদন অনুসৰি, সপ্তাহান্তত পেৰিছ, লিয়ঁ, মাৰ্ছেইকে ধৰি কেইবাখনো চহৰত আৰক্ষী আৰু বিক্ষোভকাৰীৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনাত কমেও ২,৪০০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ‘ফেডাৰেচন অৱ ট্ৰেড এণ্ড ৰিটেইল’-এ জনোৱা মতে, প্ৰায় ৩,০০০খন দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত ভাঙি-ছিঙি লুটপাত চলোৱা হৈছে।
ক্ষতিগ্ৰস্ত প্ৰতিষ্ঠানসমূহৰ ভিতৰত পেৰিছৰ কেবাটাও বিলাসী বুটিক আৰু মাৰ্ছেই চহৰৰ ‘অলিম্পিক দে মাৰ্ছেই’ ফুটবল ক্লাবৰ চৰকাৰী বিপণীও আছে। হিংসাৰ প্ৰভাৱ চৰকাৰী ভৱনসমূহতো পৰে। মধ্য ফ্ৰান্সৰ লিমোজ চহৰত ঊনবিংশ শতিকাত নিৰ্মাণ কৰা ঐতিহাসিক পৌৰ ভৱনটোত (চিটি হল) বিক্ষোভকাৰীসকলে জুই লগাই দিয়ে। জুইৰ ফলত ভৱনটোৰ চাল খহি পৰে আৰু ভৱনটো প্ৰায় ধ্বংসৰ মুখলৈ গতি কৰে।
হিংসা দমন কৰাত ব্যৰ্থ হোৱাৰ দায় স্বীকাৰ কৰি পদত্যাগ কৰিব বিচাৰিছিল ফ্ৰান্সৰ গৃহমন্ত্ৰী লৰেণ্ট নুনেজে। কিন্তু ৰাষ্ট্ৰপতি মেক্ৰ’ই তেওঁৰ পদত্যাগ-পত্ৰ পোনপটীয়াকৈ নাকচ কৰি চোৰাংচোৱা আৰু পৰিকল্পনাগত ব্যৰ্থতাৰ বিষয়ত স্বচ্ছতা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ভৱিষ্যতে হিংসা এৰাই চলিবলৈ আৰক্ষীৰ ৰণকৌশলত দ্ৰুত পৰিৱৰ্তন অনাৰো নিৰ্দেশ দিছে তেওঁ।
প্ৰধানমন্ত্ৰী লেকৰ্নু আৰু গৃহমন্ত্ৰী নুনেজ— দুয়োৱে এই হিংসাৰ বাবে অতি-বাওঁপন্থী সংগঠন আৰু একাংশ সুবিধাবাদী লুটপাতকাৰীক দোষাৰোপ কৰিছে। তেওঁলোকৰ দাবী, আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে দেশত চৰম অস্থিৰতাৰ সৃষ্টি কৰাই অতি-বাওঁপন্থীসকলৰ লক্ষ্য।
আনহাতে, কট্টৰ দক্ষিণপন্থী দল ‘নেশ্যনেল ৰেলী’ৰ সভাপতি জৰ্ডান বাৰ্ডেলাই অভিযোগ কৰিছে যে সাধাৰণ জনতাক নিৰাপত্তা প্ৰদান কৰাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
প্ৰশাসনৰ কঠোৰ পদক্ষেপৰ পিছতো বিক্ষোভ বন্ধ হোৱা নাই। সোমবাৰে পেৰিছৰ বিশ্ববিখ্যাত লুভ্ৰ সংগ্ৰহালয়ৰ প্ৰৱেশদ্বাৰ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ছাত্ৰ সংগঠনসমূহে। ইয়াৰ ফলত নিৰ্ধাৰিত সময়ত সংগ্ৰহালয়টো খোলা সম্ভৱ নহ’ল। অহা ৫ নৱেম্বৰত নতুনকৈ ধৰ্মঘট আৰু পদযাত্ৰাৰ আহ্বান জনাইছে ফ্ৰান্সৰ শ্ৰমিক সংগঠনসমূহে।
ইয়াৰ উপৰি ‘য়েলো ভেষ্ট’ আন্দোলনক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে দেশজুৰি সমাৱেশৰ পৰিকল্পনা কৰিছে আন্দোলনকাৰীসকলে।২০১৮ চনৰ নৱেম্বৰ মাহত ফ্ৰান্সত ইন্ধনৰ কৰ বৃদ্ধি, জীৱন-যাপনৰ অত্যধিক ব্যয় আৰু অৰ্থনৈতিক বৈষম্যৰ প্ৰতিবাদত এক স্বতঃস্ফূৰ্ত গণ-আন্দোলনৰ সূত্ৰপাত হৈছিল।
ফ্ৰান্সৰ যান-বাহন আইন অনুসৰি চালকসকলে নিজৰ গাড়ীত বাধ্যতামূলকভাৱে ৰাখিবলগীয়া হালধীয়া ৰঙৰ প্ৰতিফলকযুক্ত জেকেট বা ভেষ্ট পৰিধান কৰিয়েই মূলতঃ সাধাৰণ জনতাই ৰাজপথলৈ ওলাই আহি বিক্ষোভ প্ৰদৰ্শন কৰিছিল। সেই সময়ৰ পৰাই এই প্ৰতিবাদ ‘য়েলো ভেষ্ট’ আন্দোলন নামেৰে পৰিচিত হয়। মেক্ৰ’ চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে সেই সময়ত সৃষ্টি হোৱা ব্যাপক জনৰোষৰ স্মৃতি বৰ্তমানৰ বিক্ষোভৰ জৰিয়তে পুনৰ উচটনি দিব বিচাৰিছে আন্দোলনকাৰীসকলে।
ফ্ৰান্সৰ প্ৰশাসনৰ সন্মুখত এতিয়া অন্যতম প্ৰধান প্ৰত্যাহ্বান হৈছে জনৰোষৰ প্ৰকৃত কাৰণসমূহ বুজি পোৱা আৰু শান্তিপূৰ্ণ আন্দোলনকাৰীসকলৰ পৰা সুবিধাবাদী লুটপাতকাৰীসকলক পৃথক কৰা। বিপুল চৰকাৰী ঋণৰ বোজা আৰু অৰ্থনৈতিক দুৰৱস্থাৰ মাজতে ধাৰাবাহিকভাৱে চলি থকা এই বিক্ষোভে ২০২৭ চনত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে মেক্ৰ’ চৰকাৰৰ ৰাজনৈতিক ভৱিষ্যতক প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছে।
পৰিস্থিতি চম্ভালি প্ৰশাসনে কিমান সোনকালে আইন-শৃংখলা পুনৰ প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিছে ৰাষ্ট্ৰপতি মেক্ৰ’ৰ ৰাজনৈতিক উত্তৰাধিকাৰ।






























