- আজি সুগন্ধি পখিলাৰ কবি হীৰুদাৰ ওপজা দিন ৷ তেও কবিতাই প্ৰতিজন অসমীয়াৰ মন মগজুত দেশপ্ৰেমৰ লগতে মানৱ প্ৰেমে ক্ৰিয়া কৰি থাকে । ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্ম গ্ৰহণ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰতিজন অসমীয়াৰ কাৰণে মৰমৰ হীৰুদা ৷ তেওঁলৈ ওপজা দিনৰ অলেখ শুভকামনা ৷
- ৰাজ্য চৰকাৰে অহা ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ পৰিকল্পনাৰ কথা সদৰী কৰে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে কৰ’না লাহে লাহে নিয়ন্ত্ৰণলৈ আহিছে। লগতে সুস্থ লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে।
- ভাৰতৰ পাঁচটা স্থানত হ’ব অক্সফৰ্ডৰ ভেকচিন পৰীক্ষণ ৷ কৰ’নাৰ বিৰুদ্ধে কৰা যুঁজত অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব এই পৰীক্ষণ । তৃতীয় পৰ্যায়ৰ হিউমেন ট্ৰায়েল সফলতাৰ ওপৰত নিৰ্ভৰ কৰিব ক’ভিড১৯ ভেকচিনৰ ভৱিষ্যত।
- বিগত ২৪ ঘন্টাত ভাৰতত কৰ’নাত আক্ৰান্ত হৈছে ৪৭ হাজাৰ ৭০৪ গৰাকী লোক। প্ৰাণ হেৰুৱাইছে ৬৫৪ জন লোকে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা হ’লগৈ ১৪ লাখ ৮৩ হাজাৰ ১৫৭ জন লোক । সুস্থ হৈ ঘৰলৈ উভতিছে ৯ লাখ ৫২ হাজাৰ।
ADVERTISEMENT





























