২০২০ ৰ নটসূর্য ফণী শৰ্মা বঁটাৰ বাবে বিশিষ্ট নাট্য শিল্পীদ্বয় ক্ৰমে ঐশ্বৰ্য কাকতি আৰু ভৱেশ বৰুৱাক মনোনীত কৰা হৈছে । অসমৰ নাট্য জগতৰ কিংবদন্তি নটসূর্য ফণী শৰ্মাৰ স্মৃতিত অসম চৰকাৰে ২০০৪ৰে পৰা প্ৰযোজ্য হোৱাকৈ প্ৰৱৰ্তন কৰিছিল নটসূর্য ফণী শৰ্মা বঁটা। অহা ৩১ জুলাইত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰৰ বাণ থিয়েটাৰত আয়োজিত এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নটসূর্য ফণী শৰ্মা বঁটা প্ৰদান কৰিব ।
সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিধায়কসকল ক্ৰমে বৃন্দাবন গোস্বামী, পদ্ম হাজৰিকা, অশোক সিংঘাল, গণেশ লিম্বু, প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল অতিথিৰূপে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব। এই বঁটাত আছে নগদ দুই লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ আৰু এখন অংগবস্ত্ৰ। ।





























