ৰাজহুৱা ধন লুণ্ঠনৰ স্বাৰ্থ আগত ৰাখিয়ে অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মাজত সম্পন্ন হৈছিল ভূমি হস্তান্তৰ প্ৰক্ৰিয়া ৷ এই প্ৰক্ৰিয়া ত্বৰান্বিত আৰু অধিক বিশ্বাসযোগ্য কৰাৰ উদ্দেশ্য পশু চিকিৎসা মহাবিদ্যালয় শিক্ষক সংস্থাৰ নাম ব্যৱহাৰেৰে আসৈ মাতিছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপচাৰ্য ড° কমলমল্ল বুজৰবৰুৱাই । বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য ৷
এই সম্পৰ্কত বিশ্ববিদ্যালয়ৰ এক সূত্ৰই সদৰী কৰি জনোৱা মতে ৰাজহুৱা ধন লুন্ঠনৰ স্বাৰ্থতে যে ভূমি হস্তান্তৰ প্ৰক্ৰিয়া সম্পন্ন হৈছিল সেই ক্ষেত্ৰত বিন্দু মাত্ৰও সন্দেহ নাই । কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে ৰানী পাটগাঁৱত ৬১ বিঘা ভূমি আৱন্টন দিছে ৷
কিন্তু নিৰ্মাণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ পৰিৱৰ্তে বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন উপাচাৰ্য ড° হিতেশ ডেকাই মহানগৰীত বিশ্ববিদ্যালয়ৰ চৌহদ নিৰ্মাণতহে সৰ্বাধিক গুৰুত্ব আৰোপ কৰে ৷ তাৰ বাবে ড° ডেকাই ২০১৬ ৰ ৩১ অক্টোবৰত কে কে এইছ এছ অ’ ইউ/ভি চি অ’ /২০০৫ /২ নম্বৰ পত্ৰযোগে মহানগৰীৰ খানাপাৰাৰ ১২৯৯ দাগৰ পৰা পাঁচৰ পৰা ১০ বিঘা মাটি বিচাৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য ড° কমলমল্ল বুজৰবৰুৱালৈ এক পত্ৰ প্ৰেৰণ কৰে ।
উক্ত পত্ৰৰ আধাৰতে ড° বুজৰবৰুৱাই অসম কৃষি বিশ্ববিদ্যালয়ৰ নামত আৱন্টিত ভূমি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়লৈ হস্তান্তৰ কৰাৰ আশ্বাস প্ৰদান কৰে । লগতে মহানগৰীৰ বেলতলা মৌজাৰ অন্তৰ্গত খানাপাৰাৰ ১২৯৯ নম্বৰ দাগৰ চৰকাৰী ভূমি হস্তান্তৰ সময়ত যদি উক্ত ভূমিৰাশিত থকা অসম কৃষি বিশ্ববিদ্যালয় ক্ষতিপূৰণ আদায় দিয়ে, তেন্তে পশু চিকিৎসা মহাবিদ্যালয় শিক্ষক সন্থাই এই ক্ষেত্ৰত আপত্তি নদৰ্শায় বুলিও ড° বুজৰবৰুৱাৰ উদ্ধৃতিৰে বৈঠকত উল্লেখ কৰা হয় । পাছত সকলো দিশ চালি চাৰি চাই বিশ্ববিদ্যালয় পৰিচালনা সমিতিয়ে ভূমি হস্তান্তৰ প্ৰক্ৰিয়াত সন্মতি প্ৰদান কৰে বুলি সূত্ৰটোৱে জনায় ।




































