মহানগৰীৰ সাতগাঁওৰ সেনা চাউনিত আজি দ্বন্য হস্তীয়ে মুক্ত বিচৰণ কৰি ফুৰা দেখিবলৈ পোৱা গৈছে । খাদ্যৰ সন্ধানত এটা হাতী পুৱাৰে পৰা সাতগাঁও অঞ্চলত মুক্ত বিচৰণ কৰি ফুৰিছে । অৱশ্যে অঞ্চলবাসীয়ে সদৰী কৰা মতে হাতীটোৱে ৰাইজৰ কোনো ক্ষয়-ক্ষতি কৰা নাই। বনাঞ্চলৰ পৰা মাজে-মাজে এইদৰে বন্যহস্তী খাদ্যৰ সন্ধানত আহে ।
ADVERTISEMENT
আজিও এইদৰে আমচাং বনাঞ্চলৰ পৰাই হাতীটো আহিছে বুলি অঞ্চলবাসীয়ে সন্দেহ কৰিছে । অন্যহাতে, হাতীটোক চাবলৈ ৰাজপথত যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে । অৱশ্যে কিছু সময়ৰ পিছতে হাতীটো পুনৰ বনাঞ্চলৰ ফালে গুছি যায় ।





























