ADVERTISEMENT
- বিগত ২৪ ঘন্টাত ভাৰতত কৰ’নাত আক্ৰান্ত হৈছে ৫৬,২৮২ জন লোকৰ ৷ আনহাতে মৃত্যু হৈছে ৯০৪ জন লোকৰ ৷ ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা হ’লগৈ ১৯ লাখ ৬৪ হাজাৰ ৫৩৭ গৰাকী । ইপিনে দেশত আৰোগ্যৰ হাৰ হৈছে ৬৮ শতাংশ ৷
- গুজৰাটৰ আহমেদাবাদস্থিত নবৰংগপুৰাৰ এখন ক’ভিড হাস্পতালত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত মৃত্যু হৈছে ৮ জনকৈ ক’ভিড ৰোগীৰ ৷ আনহাতে প্ৰায় ৪০ গৰাকী ৰোগী এই অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয়।
- ৰাজ্যত পুনৰ ২২৮৪ জনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ । ইয়াৰে ৩৬২জন কামৰূপ মেট্ৰৰ, ১৭৭ জন ডিব্ৰুগড়ৰ, ১৫৭ জন নগাওঁ আৰু ১২৩ জন কামৰূপ গ্ৰাম্যৰ ৷ প্ৰায় ৫০ হাজাৰ লোক কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈছে ৩৫,৮৯২ জন ৷
- আমেৰিকাৰ শিশুৰ শৰীৰত কৰ’নাৰ বিৰুদ্ধে ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ প্ৰসংগক লৈ এটা ভূৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ কাৰণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ একাউণ্ট ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছিল টুইটাৰ ৷ অৱশ্যে সম্প্ৰতি ট্ৰাম্পে ভিডিঅ’টো ডিলিট কৰাৰ কাৰণে পুনৰ সক্ৰিয় হৈ পৰে তেওঁৰ টুইটাৰ একাউণ্ট ৷
- ৰাজ্যত বুধবাৰে কৰ’নাত প্ৰাণ হেৰুৱালে ৬ জনকৈ লোকে । ইয়াৰ লগে লগে ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১২১জনলৈ বৃদ্ধি পালে । আনহাতে ৰাজ্যত কৰ’নাত মুঠ আক্ৰান্ত সংখ্যা হৈছে ৫০,৪৪৫ জন ৷
- মায়ানগৰী মুম্বাই সন্মুখীন হৈছে প্ৰবল বৃষ্টিপাতৰ । মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই মুম্বাইবাসীক ঘৰতে থাকিবলৈ আহ্বান কৰিছে। আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক তিনিদিনলৈ অব্যাহত থাকিব প্ৰবল বৃষ্টিপাত।





























