দেশত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ২৭ লাখ অতিক্ৰম কৰাৰ সমান্তৰালভাৱে সুস্থতাৰ হাৰৰ সংখ্যাও বৃদ্ধি পাইছে। দেশত এই পর্যন্ত প্ৰায় ১৯ লাখ লোক সুস্থ হৈ উঠিছে সুস্থতাৰ হাৰ ৭৩.১৮ শতাংশলৈ বৃদ্ধি পাইছে । মৃত্যুৰ সংখ্যা হৈছে ৫২, ৮৮৯ জন ।
ইয়াৰ মাজতে আন এক সুখবৰ যে, দেশত কৰ’না ভাইৰাছৰ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ অৰ্থাৎ অন্তিম পৰীক্ষা আৰম্ভ হ’ব এই সপ্তাহতে । অক্সফৰ্ড ইউনিভাৰ্চিটিত তৈয়াৰ কৰা কৰ’না ভাইৰাছৰ প্ৰতিষেধক ক’ভিছিল্ডেই হ’ব ভাৰতৰ প্ৰথম প্ৰতিষেধক । ইপিনে কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ পৰা নির্মূলকৰণৰ ওচৰ চাপিবলৈ এই পৰ্যন্ত কোনেও সক্ষম হ’ব পৰা নাই বুলি বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰে ।
চাওঁ আহক দেশৰ কৰ’না ভাইৰাছৰ কেইটামান তথ্য-
■ দেশৰ সকলোতকৈ অধিক কৰ’না সংক্ৰমিত হোৱা ৰাজ্যৰ ভিতৰত হৈছে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশ । মহাৰাষ্ট্ৰত মুঠ আক্ৰান্তৰ সংখ্যা ৬,০৪,৩৫৮ জন আৰু মৃত্যুৰ সংখ্যা ২০,২৬৫ জন ।
■ অন্ধ্ৰপ্ৰদেশত নতুনকৈ ৯৭৪২ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে, আজি ৮০৬১ জনক ডিচাৰ্জ দিয়া হয়।
■ মেঘালয়ত ৪৯জন বি এছ এফ জোৱানৰ উপৰিও অন্য ১৭ জন জোৱান ক’ভিড-১৯ ত আক্ৰান্ত।
■ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চৰকাৰে ভাৰতক ১০০ তকৈ অধিক ভেন্টিলেটৰ প্রদান কৰিছে।
■ ১৮ আগষ্টৰ পৰা বিহাৰত নতুনকৈ ২৮৮৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।





























