DurgaPuja : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শাৰদীয় দুর্গোৎসৱৰ আনন্দ-উছাহেৰে মুখৰিত হৈছে ডিব্ৰুগড় চহৰ। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছৰে পৰা চহৰখনৰ শতাধিক পূজা মণ্ডপত প্রতিদিনে সন্ধিয়া সমাগম ঘটিছে অগণন ভক্ত আৰু দৰ্শনাৰ্থীৰ।
আটকধুনীয়া আলোকসজ্জা, দৃষ্টিনন্দন মণ্ডপ আৰু নান্দনিক শিল্পকলাৰে ৰাইজক আকর্ষণ কৰিবলৈ বিভিন্ন পূজা সমিতিৰ মাজত চলিছে এক অঘোষিত প্রতিযোগিতা। এইবাৰ ডিব্ৰুগড়ত প্রায় ১২০খন দুর্গা পূজা অনুষ্ঠিত হৈছে। ইয়াৰ মাজতে কে’বাখনো ঐতিহ্যমণ্ডিত পূজাই স্বকীয়তা অক্ষুণ্ণ ৰাখি ধর্মীয় আৰু আধ্যাত্মিক পৰিৱেশৰ মাজত শাৰদীয় উৎসৱ উদ্যাপন কৰিছে।
এইবাৰৰ ডিব্ৰুগড়ৰ দুর্গোৎসৱত বিশেষ চর্চা লাভকৰিছে জালুকপাৰা সার্বজনীন দুর্গা পূজা সমিতিয়ে। ছপা মাধ্যমৰ অস্তিত্বৰ সংকটক শিল্পকলাৰ মাধ্যমেৰে তুলি ধৰি সমিতিখনে নিৰ্মাণ কৰিছে এক ব্যতিক্রমী মণ্ডপ। প্রায় ডেৰ লক্ষাধিক বাতৰি কাকত ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই মণ্ডপে দর্শনার্থীৰ দৃষ্টি আকৰ্ষণৰ লগতে সময়ৰ পৰিৱৰ্তনৰ স’তে সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ আৰু ছপা মাধ্যমৰ ভৱিষ্যতক লৈও এক গুৰুত্বপূর্ণ প্রশ্ন উত্থাপন কৰিছে।
এসময়ত পুৱাৰ চাহৰ কাপটোৰ স’তে প্রতিঘৰ অসমীয়াৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য সংগী আছিল বাতৰি কাকত। ঘৰৰ বহা কোঠাৰ পৰা চাহৰ দোকান, চেলুন, বাছ আৰু ৰেলৰ যাত্ৰালৈকে সর্বত্রে বাতৰি কাকত পঢ়াৰ এক সুকীয়া পৰিৱেশ আছিল। কিন্তু ইলেক্ট্র’নিক আৰু ডিজিটেল সংবাদ মাধ্যমৰ দ্রুত প্ৰসাৰৰ ফলত ছপা মাধ্যমৰ সন্মুখত সৃষ্টি হোৱা প্রত্যাহ্বানক প্রতীকী ৰূপত তুলি ধৰা হৈছে জালুকপাৰাৰ এই মণ্ডপত।
মণ্ডপটোৰ বিভিন্ন কাৰুকাৰ্য বাতৰি কাকতেৰে নিৰ্মাণ কৰাৰ লগতে চাহৰ দোকান, চেলুন, বাছ আৰু ৰেলৰ আৰ্হিও প্রতিফলিত কৰা হৈছে। সেইবোৰৰ সন্মুখত বাতৰি কাকত পঢ়ি থকা মানুহৰ প্রতীকী মূর্তি স্থাপন কৰি এসময়ত সমাজ জীৱনত বাতৰি কাকতৰ কিমান গুৰুত্ব আছিল, তাক সুন্দৰভাৱে দাঙি ধৰাৰ চেষ্টা কৰা হৈছে।
ইংৰাজী, অসমীয়া আৰু বাংলা ভাষাৰ বাতৰি কাকত ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই বিশাল মণ্ডপটোৰ দৈর্ঘ্য প্রায় এশ ফুট আৰু উচ্চতা প্রায় ৮০ ফুট। কলকাতা আৰু ডিব্ৰুগড়ৰ শিল্পীৰ সহযোগত প্রস্তুত কৰা এই মণ্ডপে ইতিমধ্যে বিশেষ চর্চা লাভ কৰিছে।
জালুকপাৰা সাৰ্বজনীন দুর্গা পূজা সমিতিৰ সভাপতি কৃষষ্ণা কুমাৰ ভাটিয়া আৰু সম্পাদক বিনয় গাৰোডিয়াই জানিবলৈ দিয়া মতে, সময়ৰ স’তে সংবাদ মাধ্যমৰ ৰূপ সলনি হৈছে যদিও সমাজৰ প্ৰতি ছপা মাধ্যমৰ অৱদান আৰু ঐতিহ্য আজিও অনস্বীকার্য। এসময়ত প্রতিঘৰৰ বহা কোঠা শুৱনি কৰা বাতৰি কাকতৰ সেই পৰিৱেশ এতিয়া বহু পৰিমাণে নষ্টালজিয়াত পৰিণত হৈছে।
সেয়ে বাতৰি কাকতক শিল্পৰ মাধ্যমৰূপে ব্যৱহাৰ কৰি ছপা মাধ্যমৰ গুৰুত্ব আৰু বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ ৰাইজৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।
ইফালে, ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰ পৌৰসভা কল’নীৰ দুর্গা পূজা মণ্ডপত প্রতিফলিত হৈছে অসমীয়া ভাষা-সাহিত্যৰ ঐতিহ্য আৰু গৌৰৱ। ‘অসমীয়া আমাৰ মাতৃভাষা’ শীর্ষক বিষয়বস্তুৰে নিৰ্মাণ কৰা মণ্ডপটোত অসমীয়া বৰ্ণমালাৰ ক-ফলা, অ-ফলাকে ধৰি বিভিন্ন বৰ্ণ সজাই তোলাৰ লগতে ভাষা-সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা বৰেণ্য সাহিত্যিকসকলৰ আলোকচিত্র স্থান দিয়া হৈছে।
জ্ঞানপীঠ বঁটাপ্রাপক মামণি ৰয়ছম গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামীকে ধৰি বহু বিশিষ্ট সাহিত্যিকৰ আলোকচিত্ৰই মণ্ডপটোক বিশেষ মাত্রা প্রদান কৰিছে। মাতৃভাষাৰ প্রতি শ্রদ্ধা আৰু নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষা-সাহিত্যৰ প্রতি সজাগতা সৃষ্টিৰ বাৰ্তা বহন কৰা এই মণ্ডপটো প্রদূষণমুক্ত সামগ্ৰীৰে নিৰ্মাণ কৰাও আন এক উল্লেখযোগ্য দিশ।
আনহাতে, ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত মাষ্টাৰপাৰা সাৰ্বজনীন দুর্গোৎসৱে এইবাৰ ৭০ বছৰত ভৰি দিছে। পূজাৰ আনন্দ-উছাহৰ মাজতে মণ্ডপত তুলি ধৰা হৈছে পূব অসমৰ শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ এক মর্মস্পর্শী ছবি। বানৰ সংহাৰী ৰূপ, উদ্ধাৰ অভিযান, বানত আবদ্ধ জীৱ-জন্তুৰ দুৰৱস্থা আৰু বানাক্ৰান্ত জনসাধাৰণৰ যন্ত্রণাদায়ক জীৱনৰ বিভিন্ন দৃশ্য মণ্ডপৰ প্ৰতিমা আৰু দৃশ্যসজ্জাৰ মাধ্যমেৰে প্ৰতিফলিত কৰা হৈছে।
কেৱল উৎসৱৰ আড়ম্বৰত সীমাবদ্ধ নাথাকি সমাজৰ বাস্তৱ ছবি আৰু বানপীড়িত ৰাইজৰ দুৰ্দশাক তুলি ধৰাৰ এই প্রয়াসে দর্শনার্থীক বিশেষভাবে আকৰ্ষণ কৰিছে।
ডিব্ৰুগড়ৰ মিত্ৰসংঘৰ দুর্গোৎসৱেও এইবাৰ ৪০ বছৰত ভৰি দিছে। ৪০ বছৰীয়া যাত্ৰাৰ বিশেষ আকৰ্ষণৰূপে এইবাৰ পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে নীলাচল পাহাৰৰ বুকুত অবস্থিত শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ আৰ্হিত। নিপুণ কাৰিকৰী দক্ষতা আৰু শিল্পীৰ সৃষ্টিশীলতাৰে মন্দিৰৰ আৰ্হিটো সুন্দৰভাৱে ফুটাই তোলা হৈছে।
ভক্তি, আধ্যাত্মিকতা আৰু শিল্পকলাৰ সমাহাৰেৰে নিৰ্মিত এই মণ্ডপে দর্শনার্থীৰ বিশেষ দৃষ্টি আকর্ষণ কৰিছে।
ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ ঐতিহাসিক গ্রাহাম বজাৰ সাৰ্বজনীন দুর্গা পূজা মণ্ডপত এইবাৰ প্ৰতিফলিত হৈছে অসমৰ গৌৰৱোজ্জ্বল চাহ উদ্যোগৰ ঐতিহ্য।
সেউজীয়া চাহ বাগিচাৰ মনোমোহা পৰিৱেশ, চাহ উদ্যোগৰ বিকাশ আৰু চাহ শ্ৰমিকসকলৰ অপৰিসীম অৱদানক আধাৰ কৰি নিৰ্মাণ কৰা মণ্ডপটো আনুষ্ঠানিকভাবে মুকলি কৰে বিশিষ্ট উদ্যোগপতি তথা বিশ্ববিখ্যাত মনোহাৰী চাহ বাগিচাৰ স্বত্বাধিকাৰী ৰাজেন লোহিয়াই।
মণ্ডপৰ আৰম্ভণি অনুষ্ঠানত চাহ উদ্যোগৰ স’তে জড়িত বিভিন্ন দিশৰ লগতে চাহ শ্রমিকসকলৰ কঠোৰ পৰিশ্ৰম আৰু জীৱন-সংগ্রামক শৈল্পিক ৰূপত তুলি ধৰা হৈছে। মণ্ডপটো মুকলি কৰি উদ্যোগপতি ৰাজেন লোহিয়াই পূজা সমিতিৰ এই পদক্ষেপৰ প্ৰশংসা কৰে। তেওঁৰ মতে, এই থিম কেৱল পূজা মণ্ডপৰ সজ্জা নহয়, বৰং অসমৰ স্বাভিমান আৰু অর্থনীতিৰ অন্যতম আধাৰ চাহ উদ্যোগৰ প্ৰতি জনোৱা এক বিশেষ সম্মান।
চাহ উদ্যোগৰ বিকাশত বাগিচাৰ শ্ৰমিকসকলৰ অৱদান অতুলনীয় বুলিও তেওঁ উল্লেখ কৰে।চাহ উদ্যোগৰ ঐতিহ্যৰ স’তে অসমৰ লোক-সংস্কৃতিৰ নিবিড় সম্পর্কও মণ্ডপ প্রাংগণত প্রতিফলিত হৈছে। আৰম্ভণি অনুষ্ঠানত পৰিৱেশন কৰা পৰম্পৰাগত বিহু নৃত্য, ঢোল, পেঁপা আৰু গগনাৰ সুৰে উপস্থিত ৰাইজক আপ্লুত কৰে।
অনুষ্ঠানত পূজা সমিতিৰ সভাপতি-সম্পাদকৰ লগতে বিশিষ্ট উদ্যোগপতি আত্মাৰাম আগৰৱালা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখযোগ্য যে এইবাৰ ডিব্ৰুগড় পৌৰ নিগমে পূজা মণ্ডপ নির্মাণত প্রদূষণ সৃষ্টিকাৰী সামগ্রী, বিশেষকৈ থার্ম’কলৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন পূজা সমিতিয়ে পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰি মণ্ডপ নির্মাণত গুৰুত্ব দিছে। বাতৰি কাকত, ভাষা-সাহিত্য, বান পৰিস্থিতি, কামাখ্যা মন্দিৰ আৰু চাহ উদ্যোগক কেন্দ্র কৰি নিৰ্মাণ কৰা ব্যতিক্ৰমী মণ্ডপসমূহে ডিব্ৰুগড়ৰ দুর্গোৎসৱক কেৱল ধর্মীয় উৎসৱতে সীমাবদ্ধ নাৰাখি সামাজিক সচেতনতা, সাংস্কৃতিক ঐতিহ্য আৰু সৃষ্টিশীলতাৰ এক অনন্য মঞ্চলৈ ৰূপান্তৰিত কৰিছে।
নগৰখনৰ আন আন পূজা মণ্ডপসমূহতো সন্ধিয়াৰ লগে লগে অগণন লোকৰ ভিৰ পৰিলক্ষিত হৈছে। পৰিয়াল-পৰিজনৰ স’তে পূজা মণ্ডপ দর্শন, আলোকসজ্জাৰ সৌন্দৰ্য উপভোগ আৰু দেৱী দুর্গাৰ আশিস ল’বলৈ ওলাই আহিছে বিভিন্ন বয়সৰ লোক। সামগ্রিকভাবে ধর্মীয় আস্থা, পৰম্পৰা, শিল্পকলা আৰু সমসাময়িক সমাজৰ বিভিন্ন দিশৰ প্রতিফলনেৰে এইবাৰ ডিব্ৰুগড়ৰ শাৰদীয় দুর্গোৎসৱে লাভ কৰিছে এক ব্যতিক্রমী মাত্রা।




























