◆ ২০ আগষ্ট পৰ্যন্ত ভাৰতত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা মুঠ ২৮.৩৭ লাখ।
◆ কৰ’নাত আক্রান্ত হোৱা সৰ্ব্বোচ্চ তালিকাত আমেৰিকা (৫৫.৩ লাখ আক্ৰান্তৰ সংখ্যা) আৰু ব্ৰাজিল ( ৩৪.৬ লাখ আক্ৰান্তৰ সংখ্যা) ৰ পাছতেই আছে ভাৰত।
◆ কিন্তু ভাৰতত কৰ’নাত আক্ৰান্ত মৃত্যুৰ হাৰ আমেৰিকা আৰু ব্ৰাজিলতকৈ কম।
◆ ভাৰতত ২ ছেপ্টেম্বৰলৈকে কৰ’নাত আক্ৰান্ত চূড়ান্ত পৰ্যায়ত উপনীত হ’ব বুলি আশংকা কৰা হৈছে । চিকিৎসাধীন অৱস্থাত থকা ৰোগীৰ সংখ্যা হ’ব ৭.৮ লাখ । আনহাতে, ভাৰতত ১৬ ছেপ্টেম্বৰ পৰ্যন্ত কৰ’না আক্ৰান্তৰ হাৰ একে থাকিব । সম্ভাৱ্যজনক ভাৱে ৩ ডিচেম্বৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ অন্ত পৰিব বুলি আশংকা কৰা হৈছে।
◆ভাৰতত সৰ্বাধিক কৰ’নাত আক্ৰান্ত হোৱা ৰাজ্য মহাৰাষ্ট্ৰত কৰ’না আক্ৰান্তৰ সংখ্যা ১৪ ছেপ্টেম্বৰত চূড়ান্ত পৰ্যায়ত উপনীত হ’ব বুলি আশংকা কৰা হৈছে, লগতে ৰাজ্যখনত চিকিৎসাধীন অৱস্থাত থকা কৰ’না আক্ৰান্তৰ সংখ্যা হ’ব ২.২৩ লাখ ।





























