- বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৬৯,১৯৬ জন । মৃত্যু হৈছে ৯৭৯ জন । আনহাতে সমগ্ৰ দেশত কৰ’নাত আক্ৰান্ত হৈছে ২৮,৪১,৪০০ জন ৷ ইপিনে কেৱল ১৯ আগষ্টতে ৯,১৮,৪৭০ জনৰ কৰ’নাৰ পৰীক্ষা কৰা হৈছে ৷
- ইপিনে, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আক্ৰান্ত হৈছে কৰ’নাত ৷ শ্বেখাৱটে আজি দুপৰীয়া এই সন্দৰ্ভত সদৰী কৰে । ৫২ বছৰীয়া শ্বেখাৱট জোধপুৰৰ সাংসদ । সম্প্ৰতি শ্বেখাৱট দিল্লীত চিকিৎসালগত চিকিৎসাধীন হৈ আছে ৷
- ভাৰতীয় গৱেষণা পৰিষদৰ মতে দেশত ১৯ আগষ্টলৈকৈ ৩ কোটি ২৬ লাখ ৬১ হাজাৰ ২৫২ টা পৰীক্ষা কৰা হৈছে ৷ কেৱল ১৯ আগষ্টতে ৯ লাখ ১৮ হাজাৰ ৪৭০ জন কৰ’নাত আক্ৰান্ত হৈছে ৷
- কৰ’নাত সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগৰ চিলিগুৰিত আজিৰে পৰা তলাবন্ধ দিয়া হৈছে । চিলিগুৰিৰ ৬২শতাংশ দাৰ্জিলিংগ জিলাত আৰু ৩৮ শতাংশ জলপাইগুড়িত পৰে । দাৰ্জিলিঙত এতিয়ালৈকে ৩৮৩৮ জন কৰ’নাত আক্ৰান্ত হৈছে ৷ আনহাতে, জলপাইগুড়িত ২৪৩১জন লোক কৰ’নাত আক্ৰান্ত হৈছে ।
- দেশত বিগত ১৯ দিনত ১১,৩৮,৭৬৮ জন কৰ’নাত আক্ৰান্ত হৈছে । কিন্তু সুখবৰ যে এই সময়তে প্ৰায় ১০ লাখ ৫২০ জন লোক সুস্থ হৈ উঠিছে ৷
- মধ্যপ্ৰদেশৰ ভূপাল আজি দুপৰীয়া ১৪৩ জনৰ শৰীৰত ধৰা পৰে কৰ’না ভাইৰাছ । ইয়াৰ লগে লগে ভূপালত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৯ হাজাৰলৈ ।
- মহাৰাষ্ট্ৰত বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ১৩ হাজাৰ ১৬৫ জন ৷ সুস্থ হৈছে ৯০১১ জন ৷ ৩৪৬ জন মৃত্যু হৈছে কৰ’নাত ৷ ৰাজ্যখনত কৰ’নাত আক্ৰান্ত সংখ্যা ১.৩৭ লাখলৈ বৃদ্ধি পাইছে ৷
- ৰাজস্থানত আজি দুপৰীয়া ৬৯০ জনৰ শৰীৰত ধৰা পৰে কৰ’না । ইয়াৰ লগে লগে ৰাজ্যখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৬৫,৯৭৯ জনলৈ বৃদ্ধি পালে ৷
ADVERTISEMENT





























