- বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৭০,৬৭,০০০ জন লোক। মৃত্যু হৈছে ৯১৮ জন লোক। ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩০.৪৩ লাখ লৈ বৃদ্ধি পালে । কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈছে ৫৯,১০১ জন লোক ৷আনহাতে বিগত ১৫ দিনত প্ৰথমবাৰৰ কাৰণে ইমান বৃহৎ সংখ্যক লোক আক্ৰান্ত হৈছে কৰ’নাত ।ইয়াৰ পূৰ্বে ৬ আগষ্টৈকে এদিনত প্ৰায় ১০ হাজাৰ জন লোক আক্ৰান্ত হৈছিল কৰ’নাত ৷
- দেশত এদিনত ১০ লাখ ২৩ হাজাৰ ৮৩৬ জন লোকৰ কৰ’না পৰীক্ষা হৈছে ।চৰকাৰৰ মত যিমান বেছি কৰ’না পৰীক্ষা কৰিব সিমানেই সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা পৰিব ।
- কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাজ্যিক চলাচল বাহাল ৰাখিবলৈ শেহতীয়াকৈ নিৰ্দেশ দিছে ৷ চৰকাৰ অনুসৰি আন্তঃজিলা আৰু আন্তঃৰাজ্যিক অহাযোৱাত প্ৰতিবন্ধকতা থাকিব নালাগে ।
- আনহাতে মধ্যপ্ৰদেশত বিগত ২৪ ঘন্টাত ১২২৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । মৃত্যু হৈছে ২১ জন লোক । ইয়াৰ লগে মধ্যপ্ৰদেশত কৰ’নাত মুঠ আক্ৰান্তৰ সংখ্যা ৫১হাজাৰ ৮৬৬ জনলৈ বৃদ্ধি পালে ৷ মৃত্যু হৈছে ১২০৬ জনলৈ বৃদ্ধি পালে ৷
- ৰাজস্থানত বিগত ২৪ ঘন্টাত ১৩১০ জন লোক আক্ৰান্ত হৈছে কৰ’নাত । ইয়াৰ লগে লগে ৰাজস্থানত কৰ’নাত আক্ৰান্ত হৈছে ৬৯হাজাৰ ২৬৪ জন লোক।
- মহাৰাষ্ট্ৰত বিগত ২৪ ঘন্টাত ১৪ হাজাৰ ৪৯২ জন লোক আক্ৰান্ত হৈছে কৰ’নাত । ৰাজ্যখনৰ মুম্বাইত সকলোতকৈ অধিক লোক আক্ৰান্ত হৈছে কৰ’নাত ৷
- ইপিনে অসমত বিগত ২৪ ঘন্টাত ১৫৬০ জন লোক আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত । ইয়াৰে ৩৫২ জন কামৰূপ মেট্ৰ’,১৩৭ জন যোৰহাট আৰু ১০৪ জন কামৰূপ গ্ৰাম্যৰ । সম্প্ৰতি অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৯,৪৬৮ জনলৈ বৃদ্ধি পালে ৷ আনহাতে ৰাজ্যত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ২৩৪ জনলৈ ৷
ADVERTISEMENT





























