দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ । সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত মুঠ ৬১,৪০৮ জন কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ৮৩৬ জনৰ মৃত্যু হৈছে । এই পৰ্যন্ত দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা ৩১,০৬,৩৪৯ জন । ইয়াৰ ভিতৰত সুস্থ হৈ উঠিছে মুঠ ২৩,৩৮,০৩৬ জন ।
ইপিনে, দেশত ১৬ জুলাই পৰ্যন্ত কৰ’না আক্ৰান্তৰ সংখ্যাই ১০ লাখ পাৰ কৰিছিল । তাৰ পিছতে ২৮ জুলাইলৈকে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১০.৫ লাখ, ৬ আগষ্ট লৈকে ২০ লাখ আৰু ২২ আগষ্ট পৰ্যন্ত ভাৰতে ৩০ লাখৰ সীমা অতিক্ৰম কৰে । যোৱা সপ্তাহত ৩৯৭,২৭৭ জন ক’ভিড আক্ৰান্তৰ ভিতৰত ৫,৭০০ জনৰ মৃত্যু হৈছে । দেশত কৰ’নাৰ দ্ৰুতগতিত সংক্ৰমণ অব্যাহত আছে ।
দেশত বৰ্তমান ৭,১০,৭৭১ জন কৰ’না আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে । আজি কেন্দ্ৰীয় মন্ত্ৰণালয়ে পুৱা ৮ বজাত এখন তালিকা প্ৰকাশ কৰে, য’ত ৫৭,৪৬৯ জন কৰ’না আক্ৰান্ত ৰোগীক দেওবাৰ আৰু সোমবাৰে পুৱা চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়া হয় । ২৩,৩৮,০৩৬ জন কৰ’না আক্ৰান্ত ৰোগী সুস্হ হৈ উঠাৰ পিছত সুস্থতাৰ হাৰ হয়গৈ ৭৫.২৬% ।
আনহাতে, জন হ’পকিন্স বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, বিশ্বত মুঠ আক্ৰান্তৰ সংখ্যা ২৩,৩৫৮,৫৯৮ জন আৰু মৃতকৰ সংখ্যা ৮০৭,৮৩০ জন । বিশ্বৰ সৰ্বোচ্চ কৰ’নাত আক্ৰান্তৰ তালিকাত প্রথম স্থানত থকা দেশ হিচাপে আমেৰিকাত মুঠ আক্ৰান্ত হৈছে ৫৭,০১,৯৩৮ জন। ইয়াৰ পিছতে আছে ব্ৰাজিল। ব্ৰাজিলত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ৩৬,০৫,৭৮৫ জন । কৰ’নাত সৰ্ব্বোচ্চ আক্ৰান্তৰ তালিকাত ভাৰত আছে তৃতীয় স্থানত।





























