ভাৰতৰ ভেকচিনৰ সন্দৰ্ভত যিকোনো মুহুতৰ্তে সুখবৰটো আহিব পাৰে ৷ বহু কেন্দ্ৰত ভাৰত বায়’টেক ক’ভেক্সিনৰ ট্ৰায়েল সম্পন্ন হৈছে । এই কেন্দ্ৰসমূহত দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ কাৰণে সম্প্ৰতি প্ৰাৰ্থী বিচাৰি থকা হৈছে । ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহতে ইয়াৰ ট্ৰায়েলৰ কাম আৰম্ভ হ’ব । ভাৰত বায়’টেকে প্ৰথম পৰ্যায়ৰ মানব দেহৰ ওপৰত পৰীক্ষণ ১২টা কেন্দ্ৰত ৩৭৫ জন লোকৰ শৰীৰত কৰিব ৷ আনহাতে এইমছে প্ৰথম পৰ্যায়ৰ পৰীক্ষাত ১৬ জন লোকৰ শৰীৰত ক’ভিড-১৯ ভেকচিন ট্ৰায়েল কৰিছে ৷
এক বিশেষ সূত্ৰৰ মত অনুসৰি এইমছৰ মতে ক’ভিডৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহত কৰা হ’ব । আনহাতে ভেকচিনৰ প্ৰথম পৰ্যায়ৰ ট্ৰায়েলৰ প্ৰতিবেদনো অনতিপলমে প্ৰস্তুত কৰা হ’ব । ভাৰত বায়’টেক হিউমেন ট্ৰাইলৰ বিষয়ে এইমছৰ মুখ্য গৱেষণাকাৰী ড° সঞ্জয় ৰায়ে কয় যে ভেকচিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰায়ে শেষ হৈছেই । ভেকচিন পৰীক্ষণত দুটা ড’জকৈ দিয়া হৈছে ৷ এতিয়ালৈকে আমি ভেকচিনৰ কোনো চাইড ইফেক্ট দেখা নাই ৷ কিছুমানে ভেকচিন দিয়াৰ পিছত পিঠিত অৱশ্যে অলপ বিষ অনুভৱ কৰিছিল । লগতে ড° ৰায়ে কয় দ্বিতীয় পৰ্যায়ৰ ক’ভিড-১৯ ভেকচিন ট্ৰায়েলো ছেপ্তেম্বৰত আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে ৷”
মই নাভাবো যে ভাৰতে ভেকচিনৰ সন্দৰ্ভত ৰাছিয়াৰ লগত প্ৰতিযোগিতা কৰিব ৷ কাৰণ ভাৰতে পলমকৈ সুৰক্ষিত ভেকচিন প্ৰস্তুত কৰিব। ভেকচিনৰ পৰীক্ষণৰ কেন্দ্ৰ নাগাপুৰ, মহাৰাষ্ট্ৰত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ শেষ হৈছে ৷ ইতিমধ্যে নাগপুৰে প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰত বায়’টেকত অৰ্পন কৰিছে ৷ PGI ৰোহতকেও মানৱ দেহৰ ওপৰত প্ৰথম পৰ্যায়ৰ কৰ’না ভেকচিনৰ ট্ৰায়েল সফলতাৰে শেষ কৰিছে।
ড° সবিতা বৰ্মা নামৰ এগৰাকী গৱেষকে কয় “আমি ১৮-৫৫ বছৰৰ ভিতৰৰ প্ৰায় ৮১ গৰাকী লোকক ভেকচিন প্ৰদান কৰিছিলো । দ্বিতীয় পৰ্যায়ৰ পৰীক্ষনো ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহতো আৰম্ভ হ’ব । সম্প্ৰতি দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণত ৩০০ জন লোকক ভেকচিন দিয়া হ’ব ৷” ঠিক তেনেদৰে ভেকচিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণো কৰ্ণাটকৰ জীৱন ৰেখা হস্পিতালত সফলতাৰে সম্পন্ন হয় । ইয়াত মাত্ৰ চাৰিজনৰ শৰীৰত কৰ’নাৰ ভেকচিন দিয়া হয় ।
এক বিশেষ সূত্ৰৰ মতে প্ৰায় ২৮ দিনৰ পিছত ভেকচিনৰ প্ৰতিবেদন ভাৰত বায়’টেকত অৰ্পণ কৰিব “৷ আনহাতে পুনেস্থিত চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই অক্সফৰ্ড ক’ভিড-১৯ৰ প্ৰতিষেধকৰ মানৱ শৰীৰত দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল আজিৰ পৰা আৰম্ভ কৰিছে । ভাৰতৰ চিৰাম ইনষ্টিটিউটে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা তৈয়াৰী ক’ভিড-১৯ৰ প্ৰতিষেধকৰ অধিক হাৰত প্ৰস্তুত কৰিবৰ বাবে ব্ৰিটিছ কোম্পানী AstraZeneca ৰ সতে চুক্তিবদ্ধ হৈছে ।
এই সম্পৰ্কত চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ অতিৰিক্ত সঞ্চালক প্ৰকাশ কুমাৰ সিঙে কয় যে, “আমি চিডিএছচিঅ'(CDSCO)ৰ পৰা অনুমোদন লাভ কৰিলো । ২৫ আগষ্টৰ পৰা ভাৰতী বিদ্যাপীঠ মেডিকেল কলেজ আৰু হাস্পতালত মানৱ দেহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিম । আমি বিশ্বাসী যে, আমি দেশৰ জনসাধাৰণৰ বাবে অতি সোনকালেই বিশ্বব্যাপী ক’ভিড-১৯ ৰ প্ৰতিষেধক উপলব্ধ কৰিব পাৰিম আৰু আমাৰ দেশখনক আত্মনিৰ্ভৰশীল হিচাপে গঢ় দিব পাৰিম ।” উল্লেখ্য চিৰাম ইনষ্টিটিউটে উন্নত পৰীক্ষাৰ বাবে মুঠ ১৭ টা স্থানক মনোনীত কৰিছে। ।





























