ৰাজধানী দিল্লীত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা পুনৰ বৃদ্ধি হৈছে ৷ ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে স্পষ্ট কৰি দিয়ে যে দিল্লীত প্ৰতিদিনে কৰ’না পৰীক্ষাৰ পৰিসংখ্যা বৃদ্ধি কৰা হ’ব ৷ এখন ডিজিটেল প্ৰেছ কনফাৰেন্সৰ যোগেদি কেজৰিৱালে কয় যে সম্প্ৰতি প্ৰতিদিনে ২০ হাজাৰ কৰ’না টেষ্ট কৰা হৈছে । অনাগত সপ্তাহৰ পৰা প্ৰতিদিনে ৪০ হাজাৰ কৰ’না পৰীক্ষা কৰা হ’ব । লগতে মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে ১৭ আগষ্টৰ পিছৰ পৰা কৰ’নাত আক্ৰান্তৰ সংখ্যাই ১২০০-১৪০০ ৰ আশে পাশে আছে ৷
মংগলবাৰে বিয়লি অহা ৰিপৰ্ট অনুসৰি কৰ’নাত নতুনকৈ ১৫৪৪ জন আক্ৰান্ত হৈছে । আজি অহা ৰিপৰ্ট মতে কৰ’নাত ১৬৯৩ জন লোক আক্ৰান্ত হৈছে । আনহাতে কৰ’নাত সুস্থ হৈছে ৯০ শতাংশ লোক । আৰু দিল্লীত মৃত্যুৰ হাৰ ১.৪ শতাংশ । দিল্লীত বাহিৰৰ পৰা অহা ৰোগীসকলৰ সন্দৰ্ভত কেজৰিৱালে কয় যে দিল্লীৰ চিকিৎসালয়ত ৩৯০০ ৰোগী দিল্লীৰ যদিও বাকী ৮০০ জন বাহিৰৰ । লগতে দিল্লীৰ পৰিস্থিতি সম্প্ৰতি সুস্থিৰ বুলি সদৰী কৰে মুখ্যমন্ত্ৰীজনে ৷
অৰবিন্দ কেজৰিৱালৰ মতে দিল্লীত প্ৰায় ১৪,১৩০ খন বিচনা আছে । য’ত ১০,৪৪৮ খন বিচনা খালী আছে । ইয়াৰোপৰি এম্বুলেন্সো পৰ্যাপ্ত পৰিমাণৰ আছে । কেজৰিৱালে কয় যে কৰ’নাৰ পৰা সুস্থ হোৱাৰ পিছত কোনো লোকৰ লক্ষণ দেখিলে আৰু প্ৰয়োজন হ’লে পাল্ছ অক্সিমিটাৰৰ ব্যৱস্থা কৰা হ’ব ।লগতে প্ৰয়োজন অনুসাৰে অক্সিজেনো ৰোগীৰ ঘৰতে উপলব্ধ কৰোৱা হ’ব।
ইপিনে দিল্লীত ১৪ জুলাইৰ পিছত আইছ’লেছনত এজনো লোকৰ মৃত্যু হোৱা নাই বুলি সদৰী কৰে কেজৰিৱালে ৷ ইয়াৰোপৰি কৰ’নাৰ সময়ত নিয়ম উলংঘা কৰিলে অথবা মাস্ক পৰিধান নকৰিলি তেওঁলোকৰ ওপৰত শাস্তি মূলক ব্যৱস্থা লোৱা বুলি সদৰী কৰে কেজৰিৱালে । মুখ্যমন্ত্ৰী কেজৰিৱালে সকলোকে আহ্বান জনায় যে শৰীৰত সীমিত লক্ষণ দেখিলেও কৰ’না পৰীক্ষা কৰিবলৈ আহ্বান কৰে ৷
কেজৰিৱালে কয় যে অতি বেছি আত্মবিশ্বাসৰ কাৰণে কিছুমান লোকে কৰ’না টেষ্ট নকৰায় । যাৰ কাৰণে তেওঁলোকৰ দ্বাৰা কৰ’নাৰ সংক্ৰমণ হয় ৷ সেয়েহে কৰ’নাৰ লক্ষণ অনুভৱ কৰিলেই সকলোকে টেষ্ট কৰিবলৈ আহ্বান কৰে কেজৰিৱালে ।






























