◆ বিশ্বজুৰি কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱা দিনৰ পৰা কেনেদৰে এটি শিশু কৰ’না ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত হয় আৰু আন ব্যক্তিলৈ ভাইৰাছ বিয়পোৱাত কি ভূমিকা গ্ৰহণ কৰে এই বিষয়ে বিজ্ঞানীসকলে অধ্যয়ন কৰি আছে । কিয়নো আমেৰিকাত এতিয়া বহু স্কুল খোলাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে । এক নতুন অধ্যয়নৰ ভিত্তিত কোৱা হৈছে যে ইয়াৰ পৰিণাম হ’ব বহু ভয়াবহ । এই অধ্যয়নত পোৱা গৈছে যে, আইচি ইউত থকা এজন বয়সস্থ ব্যক্তিতকৈ কৰ’নাত আক্ৰান্ত এটি শিশুৱে দ্ৰুতগতিত ভাইৰাছৰ সংক্ৰমণ ঘটাব পাৰে।
◆ Massachusetts General Hospital আৰু MassGeneral Hospitalত প্ৰায় ১৯২ টা শিশুক এই গৱেষণাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে এক চতুৰ্থাংশ শিশুৰ ক’ভিড-১৯ ৰ পৰীক্ষাৰ ফলাফল আহে পজিটিভ। ইয়াৰে কিছুমানৰ কোনো লক্ষণ নাছিল আৰু কিছুমান ক’ভিড-১৯ ৰ লক্ষণ থকাত চিকিৎসাধীন অৱস্থাত আছিল ।
◆ গৱেষকৰে মতে, নতুন গৱেষণাটোৰ পৰা দুটা কথা লক্ষ্য কৰিব পাৰি । প্ৰথমটো, ড’নাল্ড ট্ৰাম্পে কোৱাৰ দৰে ক’ভিড-১৯ ভাইৰাছ শিশুৰ বাবে একেবাৰে সুৰক্ষিত নহয় আৰু আনটো, সামাজিক সংক্ৰমণত সংক্ৰমিত শিশুৰ ভূমিকা বিজ্ঞানীসকলে আশংকা কৰাতকৈ অধিক ভয়াবহ হ’ব পাৰে।






























