জাৰ্মানৰ বিশেষজ্ঞসকলৰ মতে Covid-19ৰে SARS-Cov-২ ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে প্ৰতিদিনে মুখ ধোৱাতো প্ৰয়োজন । লগতে জাৰ্নেল অব ইনফেকছন ডিজিজত প্ৰকাশ পোৱা অনুসৰি দাঁতৰ আলু আৰু ডিঙিৰ লাগি থকা বীজাণুৰ পৰা ক’ভিড-১৯ হ’ব পাৰে । আনহাতে সঘনাই মুখ ধূই থাকিলে ক’ভিড-১৯ ৰ সংক্ৰমণ সীমিত হয় । ইপিনে জাৰ্মানীয়ে কৰা এই গৱেষণাত আঠবাৰ বিভিন্ন ধৰণে মুখ ধুৱা হয় । অৰ্থাৎ গাৰ্গল কৰা হয়।
আনহাতে গাৰ্গলিং কৰিলে ভাইৰাছ সংক্ৰমণ হোৱাত বাধা প্ৰাপ্ত হয় ৷ উল্লেখযোগ্য যে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত পুনৰ আক্ৰান্ত হোৱাৰ খবৰে সম্প্ৰতি সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ কাৰণ হংকঙত এপ্ৰিলৰ প্ৰথম সপ্তাহতে ক’ভিড-১৯ত আক্ৰান্ত হৈ সুস্থ উঠা উঠা এজন লোক পুনৰ আক্ৰান্ত হৈছে কৰ’নাত ৷ এই সন্দৰ্ভত কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত সুস্থ হৈ পুনৰ SARS Cov2ত আক্ৰান্ত হ’ব পাৰে বুলি মন্তব্য কৰিছে বিজ্ঞানীসকলে ৷
আনহাতে চলিত মাহতে ৩৩ বছৰীয়া এগৰাকী ব্যক্তি ইউৰোপৰ পৰা হংকঙলৈ আহোতে বিমান বন্দৰত কৰা স্কীণিঙত SARA COV-2 ধৰা পৰিছিল । কিন্তু ব্যক্তিজন দ্বিতীয়বাৰ কৰ’নাত আক্ৰান্ত হওঁতে ভাইৰাছৰ কোনো লক্ষণৰ তাৰতম্য দেখা নাই । গতিকে ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে পৰৱৰ্তী সংক্ৰমণৰ লক্ষণসমূহ দেহত বেছিকৈ ফুটি নুঠে । SARS Cov ২ ৰ লক্ষণসমূহত কৰ’না ভাইৰাছৰ সাধাৰণ লক্ষণ চৰ্দিৰ লগত সাদৃশ্য আছে ।
অৱশ্যে এই ৰোগত আক্ৰান্ত কিছুমান লোকৰ এসপ্তাহ ধৰি পৰীক্ষা কৰা হয়। তেওঁলোকৰ লক্ষণসমূহৰ সন্দৰ্ভত বিজ্ঞানীসকল এতিয়াও স্পষ্ট হ’ব পৰা নাই যে এই লক্ষণসমূহ নতুন ভাইৰাছৰ লক্ষণ নে আন কিবা । ইফালে গৱেষকসকলৰ মতে ক’ভিড১৯ ত আক্ৰান্ত হোৱাৰ পিছত পুনৰ ক’ভিডৰ আন এটা লক্ষণৰে আক্ৰান্ত হোৱা এইজনে বিশ্বৰ প্ৰথম ৰোগী ।
উল্লেখযোগ্য যে সম্প্ৰতি দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৩২ লাখ অতিক্ৰম কৰিলে । এদিনত ৬০,৯৭৫ জন লোকৰ কৰ’না ভাইৰাছ পৰীক্ষা কৰা হৈছে । মৃত্যু হৈছে ৫৮ .৩৯০ জন ব্যক্তি। স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে কৰ’নাত সুস্থ হৈছে ৭৫.৯২ শতাংশ লোক । সমগ্ৰ বিশ্বৰ ২১০ খন দেশত ২৩.৬৫ মিলিয়ন লোকৰ শৰীৰত পোৱা গৈছে কৰ’না । আনহাতে ১৫ মিলিয়ন লোক এই ভাইৰাছ আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ।






























