বিগত ২৪ ঘন্টাত দেশত ৭৫,৭৬০ জন লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ আনহাতে মৃত্যু হৈছে ১০২৩ জনৰ ৷ ইপিনে কৰ’নাৰ এই পৰিসংখ্যাই বিগত দিনসমূহৰ পৰিসংখ্যাক অতিক্ৰম কৰিলে ।স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ মতে দেশত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৩৩ লাখলৈ বৃদ্ধি পালে ৷ সুস্থ হৈছে ২৫,২৩,৭৭১জন, চিকিৎসাধীন হৈ আছে ৭,২৫,৯৯১জন ৷
আনহাতে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে ২৬ আগষ্টলৈকে ক’ৰনা ভাইৰাছৰ পৰীক্ষা কৰা হৈছে ৩,৮৫,৭৬,৫১০ জন লোকৰ। বুধবাৰে কৰ’নাৰ পৰীক্ষা কৰা হয় ৯,২৪,৯৯৮ জনৰ ।
আনহাতে কেৰেলাত পুনৰ কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে ২.৪০৬ জন লোক ৷ অন্ধ্ৰপ্ৰদেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৪ লাখ অতিক্ৰম কৰিলে ৷ বিগত ২৪ ঘন্টাত অন্ধ্ৰপ্ৰদেশত ১০,৬২১ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ।
ইপিনে বুধবাৰে পুনেৰ চিৰাম ইনষ্টিটিউটত অৱ ইণ্ডিয়াই দুজন লোকৰ শৰীৰত “কোভিশ্বিল্ড” প্ৰয়োগ কৰে ৷
এক বিশেষ সূত্ৰৰ মত অনুসৰি কোভিশ্বিল্ডৰ সুৰক্ষা আৰু প্ৰতিৰোধ ক্ষমতা তদন্ত কৰিবৰ কাৰণে সকলো প্ৰকাৰৰ প্ৰস্তুতি কৰা হৈছে । লগতে এই ভেকচিন পুণেস্থিত ভাৰতী বিদ্যাপীঠ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীৰ শৰীৰৰ ওপৰত কৰা হ’ব । এই ভেকচিন সীমিত উপাৰ্জন কৰা দেশসমূহৰ কাৰণে উপলব্ধ হ’ব ৷
PTI ৰ মতে কৰ’নাৰ এন্টিবডি টেষ্টত তিনিজন লোকৰ দেহৰ কৰ’নাৰ উপস্থিতি ধৰা পৰে ৷ যাৰ কাৰণে তেওঁলোক কৰ’নাৰ ভাইৰাছ ভেকচিন পৰীক্ষণৰ কাৰণে উপযুক্ত নহয় ৷ অৱশ্যে পিছত দুজন লোকৰ শৰীৰত কৰ’নাৰ ভেকচিন দিয়া হয় ।
চিৰাম ইনষ্টিটিউটে দেশৰ ১৭ খন ৰাজ্যত অক্সফ’ৰ্ড ইউনিভাৰ্চিটিৰ ভেকচিন পৰীক্ষণ কাম আৰম্ভ কৰিছে।
আনহাতে দেশত কৰ’নাৰ পৰীক্ষাত ১৬০০ জন লোকে ভাগ ল’ব ৷ লগতে পৰীক্ষণ কৰা লোকসকলৰ বয়স হ’ব লাগিব ১৮বছৰতকৈ অধিক।





























