বিশ্বৰ ভিতৰত কৰ’না ভাইৰাছে ক’ত আটাইতকৈ বেছি ঘাতকৰ ৰূপ ধাৰণ কৰিছে আপুনি জানেনে? মহামাৰী কৰ’না ভাইৰাছৰ আতংকৰ এই সময়ছোৱাত কচব’ত আটাইতকৈ বেছি ভয়াবহৰূপত সংক্ৰমণ ঘটিছে বুলি জানিব পৰা গৈছে ।
২৫ বছৰতকৈ কম বয়সৰ প্ৰায় ১০.৮ লাখ জনবসতি থকা বাল্কন ৰাজ্য, য’ত বিগত সপ্তাহত প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে প্ৰায় ৫৪.২ জন লোক মৃত্যুমুখত পৰিছে । একে সময়তে নতুনকৈ সংক্ৰমণ ঘটাৰ ফলত শীৰ্ষস্থানত থাকে কচব’ ।
অন্যহাতে, ইয়াত ব্যাপক হাৰত সংক্ৰমণ ঘটাৰ বহু কাৰণ আছে বুলি জানিব পৰা গৈছে। ৰক্তাক্ত যুদ্ধৰ পাছৰ সময়ছোৱাত ছৰ্বিয়াৰ পৰা বিভক্ত হোৱাৰ পাছত, কচব’ ইউৰোপৰ অন্য এক দৰিদ্ৰ ৰাজ্য হিচাপে পৰিগণিত হয়। ইয়াৰোপৰি দুৰ্নীতিৰ বাবে তাত বাস কৰা লোকসকলৰ স্বাস্থ্যৰ বিকাশত বাধা আহি পৰে। ৰাজনৈতিক ক্ষেত্ৰখনক এই সময়ছোৱাত প্ৰধান অৱদানকাৰী হিচাপে ধৰা হৈছে ।
এই সন্দৰ্ভত তিৰানাৰ ‘Albanian Institute for political Studies’ৰ কাৰ্যকাৰী নিৰ্দেশক Afrim Kransniqiয়ে কয় যে, মহামাৰীৰ আতংকৰ সময়ছোৱাতে কচব’য়ে চৰকাৰখনৰ লগতে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্য বিষয়াসকলক ক্ষমতাচ্যুত কৰে । কচব’ হৈছে একমাত্ৰ দেশ, যিয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰাত একেবাৰে বিফল হৈছে ।




























