চিৰাঙত পুনৰ আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা । বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ সজীৱ গুলী । আজি বিয়লি ৪ বজাত চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত আয়োজিত এক সংবাদ মেলত জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ ১নং গৌজোনপুৰীৰ পৰা আৰক্ষীয়ে কে’বা ঠাইত অভিযান চলোৱাৰ পাছত এঠাইৰ পৰা বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ কৰে।
তেওঁ লগতে জনায় যে আৰক্ষী আৰু চি আৰ পিএফে যৌথ ভাৱে অভিযান চলাই এই সফলতা লাভ কৰিছে। আৰক্ষীয়ে উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে ৭৯২ টা সজীৱ গুলীৰ ভিতৰত ৫৬১ টা ৭.৬২ এম এমৰ আৰু ৩২১ টা সজীৱ গুলী ৫.৫৬ এমএমৰ সজীৱ গুলী ।
বিটিচি নিৰ্বাচনত অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ এইসমূহ সজীৱ গুলি লুকুৱাই থোৱাৰ সন্দেহ কৰা হৈছে ।ইপিনে আৰক্ষীয়ে এই বিষয়ে সতৰ্কতাৰে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ ফলতে কিছুদিন পূৰ্বে দুবাৰকৈ মাৰণা স্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছিল।
এইসমূহ সজীৱ গুলী জিলাখনত কিছুদিনৰ পূৰ্বে সক্ৰিয় হৈ থকা উগ্ৰপন্থী সংগঠনসমূহৰ হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷বিটিচি পৰিষদীয় নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ তাৰ মাজতে আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত সঘনাই মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈ আছে ।





























