অসম সাহিত্য সভাই আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয় আৰু বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু জালাহ শাখা সাহিত্য সভা আৰু বি বি কিষাণ মহাবিদ্যালয়, জালাহৰ সহযোগত সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰিছে।
এই কাৰ্যসূচীৰ উপলক্ষে আজি অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ ডাঃ অচ্যুত নিবেদিতা ভৱনৰ প্ৰাংগণত পুৱা ১০ বজাত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঁঞিবৰুৱা প্ৰমুখ্যে প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈ প্ৰয়াত পুৰোধা ব্যক্তি সকলৰ স্মৃতিত এক শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানত বাক্সা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য অনিল চন্দ্র কাকতিয়ে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰি কয় যে অসমীয়া সাহিত্যৰ বৰভেটি গঢ়োঁতা অতুলনীয় সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱা একেধাৰে এগৰাকী উপন্যাসিক, কবি, নাট্যকাৰ, প্ৰৱন্ধকাৰ, জীৱনীকাৰ,আধ্যাত্মিক ৰচনাৰ ৰচক আৰু বুৰঞ্জীবিদ আছিল।
১৮৭১ চনৰ ২৫ নৱেম্বৰত জন্মলাভ কৰা প্ৰয়াত সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাই অসমীয়া সাহিত্যৰ মাজত বহুতো মূল্যৱান গ্ৰন্থ উপহাৰ দি যায়। অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দামোদৰ তালুকদাৰে আঁতধৰা অনুষ্ঠানত বাক্সা জিলা সাহিত্য সভাৰ উপ সভাপতি যামিনী দাস তালুকদাৰ, সম্পাদক কামদেৱ দাস, আদৰণি সমিতিৰ উপ সভাপতি অনিল কুমাৰ দাস, জালাহ শাখা সাহিত্য সভাৰ সম্পাদক কুমাৰ অনুপম, কবি ৰিংকু দত্ত, অশ্বিনী নাথ, ৰাজীব গান্ধী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা সৰলা দাসকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।
অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ পুৱা ১০৪ খন পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা সকলে জানিব দিয়ে উল্লেখ্য যে কাইলৈ পুৱা ১১ বজাত অনুষ্ঠিত হ’ব লগীয়া মুকলি সভাখনত সভাপতিত্ব কৰিব অসম সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ড° কুলধৰ শইকীয়াই।






























