হোজাই আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এলেকা লালুংডুবি বজাৰত নিশা লংকা থানা অন্তৰ্গত লালুংডুবি বজাৰত অজিত মজুমদাৰ নামৰ দোকানিজনৰ দোকানৰ পৰা চোৰে চুৰ কৰি নিয়ে ১৩ বস্তাকৈ তামোল।
ইয়াৰ পূৰ্বেও একেখন বজাৰৰ বলৰাম নামৰ দোকানিজনৰ দোকানৰ পৰাও চোৰে চুৰ কৰি নিছিল ৭ বস্তাকৈ তামোল। আৰু এনেদৰেই এতিয়া বজাৰখনত চলিছে চোৰৰ ব্যাপক উপদ্ৰৱ।
যাৰ পৰিপ্ৰেক্ষিতত বজাৰখনৰ ব্যৱসায়ীসকল চিন্তিত হোৱাৰ বিপৰীতে অঞ্চলটোত অবাধে চলি থকা এণ্ডিং-তাচ পাত আদি জুৱাখেলৰ পৰিণতিত চুৰি কাৰ্য্য সংঘটিত হোৱাৰ অভিযোগ উথাপিত কৰিছে।
আনকি এনেবোৰ অসামাজিক কাৰ্য্যৰ স’তে লালুংডুবি গাওঁৰক্ষী বাহিনীৰ সভাপতি, আৰক্ষী আদিও জড়িত অথবা এওঁলোকৰ ছত্ৰছাঁয়াত এনেবোৰ অসামাজিক কাৰ্যকলাপ দীৰ্ঘদিনৰ পৰা চলি আহিছে বুলি প্ৰকাশ কৰে লালুংডুবিবাসীয়ে।





























