কৰ’নাৰ ব্যাপক সংক্রমণে আকৌ এবাৰ দেশৰ অর্থনীতিক জুৰুলা কৰিলে। বৰ্তমানৰ ক’ভিড পৰিস্থিতিত সবাতােকৈ অধিক প্ৰভাৱিত হৈছে দেশৰ কর্মক্ষেত্র।
ADVERTISEMENT
কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয় টৌত ইতিমধ্যে দেশত কে’বা লক্ষ লােক সংস্থাপনহীন হ’ল। মনষ্টাৰ এমপ্লয়মেন্ট ইনডেক্সৰ তথ্য অনুসৰি, যােৱা এপ্রিলত ভাৰতত তিনি শতাংশ নিয়ােগ হ্রাস পালে।
মাৰ্চৰ তুলনাত দেশত এপ্রিলত নিয়ােগৰ পৰিসংখ্যা তিনি শতাংশ অৱনমিত হয়। কৰ’নাৰ সংক্রমণ বৃদ্ধি আৰু দেশৰ কেবাখনাে ৰাজ্যত হােৱা তলাবন্ধৰ ফলত নিয়ােগ হ্রাস পাইছে আৰু একে সময়তে লাখ লাখ লােক পুনৰ কর্মসংস্থাপনহীন হৈছে।





























