মহামাৰী কৰ’না ভাইৰাছে দ্বিতীয় বাৰৰ বাবে যি ধৰনৰ সংহাৰি ৰূপ ধাৰণ কৰিছে তাৰ ফলত অসমৰ বিভিন্ন জিলাত বহু লোক আক্রান্ত হোৱাৰ লগতে মৃত্যু হৈছে ।
ADVERTISEMENT
ইতিমধ্যে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দোতমা অঞ্চলতো কৰোনাই লৈছে ভয়াৱহ ৰূপ। দোতমা সমুহীয়া স্বাস্থ্য কেন্দ্রৰ চিকিৎসক ডক্টৰ বলোৰাম বৰ্মনে জানিবলৈ দিয়া মতে আজি দোতমাত মুঠ ১০ জন ৰোগীৰ ক’ভিড পৰীক্ষা কৰা হয় তাৰে তিনি জনৰ দেহত পজিটিভ ধৰা পৰে।
বিগত এসপ্তাহত দোতমা অঞ্চলত মুঠ ৫১ জনৰ দেহত ক’ভিড পজিটিভ ফলত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে সমগ্ৰ দোতমা অঞ্চলত।





























