‘ব্লেক ফাংগাছৰ নতুন আতংক সৃষ্টি হােৱাৰ সময়তে আন এক ভেঁকুৰজনিত সংক্রমণে ভাৰতত ত্রাস সৃষ্টি কৰিছে । এই নতুন ভেঁকুৰ সংক্ৰমণৰ নাম হৈছে ‘হােৱাইট ফাংগাছ ।
ইতিমধ্যে দেশৰ একাধিক ৰাজ্যত কে’বাজনাে লােক ‘হােৱাইট ফাংগাছ’ত আক্রান্ত হােৱাৰ বাতৰি লাভ কৰা হৈছে। কিন্তু চিকিৎসক বিশেষজ্ঞৰ মতে ‘হােৱাইট ফাংগাছ’ ‘ব্লেক ফাংগাছ’ৰ দৰে মাৰাত্মক নহয় ।
পাটনাৰ পি এম চি এছৰ চর্মৰােগ বিশেষজ্ঞ ডাঃ অভিষেক ঝাই কয় যে ‘হােৱাইট ফাংগাছ’ এবিধ চর্মৰােগ আৰু এই ৰােগত আক্রান্ত হলে ছালত খজুৱতী হয়, উজ্জল দাগ হয় যদিও এই সংক্রমণ প্রাণঘাতক নহয় ।
চিকিৎসক বিশেষজ্ঞজনে লগতে কয় যে ‘ব্লেক ফাংগাছ’ৰ দৰে ‘হােৱাইট ফাংগাছ’ক লৈ আতংকিত হােৱাৰ প্ৰয়ােজন নাই । চর্মৰােগ বিশেষজ্ঞৰ পৰামর্শ গ্রহণৰে হােৱাইট ফাংগাছ’ৰ পৰা মুক্ত হ’ব পাৰি বুলি ডাঃ ঝাই কয় ।





























