NimishaThakuriaCase: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নিমিষা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ । পুৱা প্ৰায় ৩.৩০ বজাত আজাৰাৰ ধাৰাপুৰত সংঘটিত এনকাউণ্টাৰত ভৰিত গুলী লাগে আছিক আলীৰ।
ADVERTISEMENT
গুলীবিদ্ধ আছিক আলীক পুৱা প্ৰায় পাঁচ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) অনা হয়। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে অভিযুক্ত আছিক আলী।
উল্লেখ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ ঘটনাৰ তদন্তত আছিক আলীক মূল অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা হৈছিল।































