বৰ্তমান ব্যৱহৃত ক’ভিড প্ৰতিষেধকে ভাল ফলাফল দিছে । ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সক্ষম হৈছে । ফলত গুৰুত্বৰ অসুস্থ হৈ হাস্পতালত ভৰ্তি হোৱা আৰু মৃত্যু বহু পৰিমাণে হ্ৰাস পাইছে । তদুপৰি ফাইজাৰ আৰু বায়’এনটেকে প্ৰস্তুত কৰা প্ৰতিষেধকে কৰ’নাভাইৰাছৰ দুটা মাৰাত্মক প্ৰজাতিক প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে । আমেৰিকাৰ এক সমীক্ষাত এই তথ্য প্ৰকাশ কৰিছে ।
‘পিয়ৰ ৰিভিউ’ৰ পূৰ্বৰ সমীক্ষা পৰ্যৱেক্ষণ কৰি ইউনিভাৰ্চিটি অৱ ফ্ল’ৰিডাৰ গৱেষক জুলিয়া ছাপিৰ’, নাতালিয়ে ডিন, ইৰা লনগিনি আৰু তেওঁলোকৰ সহকৰ্মীয়ে জনায় যে, কৰ’না ৰোগৰ বিৰুদ্ধে প্ৰতিষেধক ৮৫ শতাংশ কাৰ্যকৰী । হাস্পতালত ভৰ্তি বা মৃত্যু ৰোধ কৰাত ই এশ শতাংশ কাৰ্যকৰী ।
এই সন্দৰ্ভত আমেৰিকাৰ নেছনেল ইনষ্টিটিউট অৱ হেল্থে কয়, ‘অতিমাৰী নিয়ন্ত্ৰণত টিকাকৰণে কিমান প্ৰভাৱ পেলাইছে, ইয়াৰ গাণিতিক মডেল প্ৰস্তুত কৰাত সহায় কৰিব এই হিচাপে ।’ এই বিষয়ত আৰু গৱেষণা কৰা হ’ব বুলিও জনায় সংস্থাটোৱে ।
বিশেষ কেইটামান প্ৰতিষেধকৰ ফলাফল বিশ্লেষণ কৰি প্ৰতিষেধকৰ কাৰ্যকাৰিতা অনুমান কৰা হৈছে । ফাইজাৰ আৰু মডাৰ্নাসহ এই তালিকাত জনছন এণ্ড জনছন, অষ্ট্ৰাজেনেকা, স্পুটনিক-ভি, নোভাভাস্কা, ছিনোভা ছিনোফাৰ্মো আছে ।





























