ছয়গাঁৱত এফ চি আইৰ চোৰাং চাউলসহ ১৪ খন ট্ৰাক জব্দ কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতত প্ৰকাশ কৰাৰ পাছতে খাদ্য আৰু যোগান মন্ত্ৰীয়ে ফেচবুক পেজত তীব্ৰ প্ৰতিক্ৰিয়া কৰে ।
উল্লেখ্য যে, ছয়গাঁৱৰ ঔদ্যোগিক কেন্দ্ৰত এফ চি আইৰ নামত চোৰাং চাউলৰ বৃহৎ বজাৰ চলি আছিল । ছয়গাঁও ঔদ্যোগিক কেন্দ্ৰৰ মাৰুতি ফুডছ ইউনিট-২ নামৰ উদ্যোগটোত মেঘালয়ৰ এফ চি আইৰ চাউল ট্ৰাকে ট্ৰাকে দীৰ্ঘদিনৰ পৰা আহি আছিল । উদ্যোগটোৰ স্বত্বাধিকাৰী দীপক আগৰৱালাৰ বিৰুদ্ধে এই বেপাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছিল ।
এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ ৰয়ৰ আৰক্ষীৰ দলটোৱে এক লাখতকৈও অধিক এফ চি আইৰ চাউল প্ৰত্যক্ষ কৰে আৰু ১৮খন ট্ৰাক জব্দ কৰে। ‘হিতাধিকাৰীক বঞ্চিত কৰি নিজৰ স্বাৰ্থৰ বাবে কৰা এনে কাৰ্য লজ্জাজনক’ বুলি কয় মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ।
এই কাৰ্যৰ স’তে জড়িত দোষীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও জনায় মন্ত্ৰী দাসে ।






























