তিনিচুকীয়া নিউ ৰেলৱে ষ্টেচনত মঙলবাৰে নিশা উলাইছে বটলে বটলে বিলাতী সুৰা ।
দীৰ্ঘদিনৰ অভিযোগ যে ৰেলৱে ষ্টেচনটোত অব্যাহত থাকে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ লগতে অবৈধ সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷
তাকেই প্ৰমাণ কৰি ডিব্ৰুগড়ৰ পৰা অহা ৰেলৱে আৰক্ষীৰ এটা বিশেষ দলে অভিযান চলাই একে দিনাই লাভ কৰে দুটাকৈ সফলতা ৷
প্ৰথম সফলতা:
মঙ্গলবাৰে সন্ধিয়া তিনিচুকীয়া নিউ ৰেলৱে ষ্টেচনত কামৰূপ এক্সপ্রেছত খাদ্যসামগ্ৰী বিতৰণ কৰা এজন লোকক ২৭ টাকৈ বিভিন্ন ব্ৰেণ্ডৰ বিলাতি সুৰাৰ বটলৰ স’তে আটক কৰে ৰেলৱে আৰক্ষীৰ বিশেষ দলটোৱে ।
ৰেলৱে আৰক্ষীৰ বিশেষ দলটোৱে জানিব দিয়া অনুসৰি ডিব্ৰুগড়ৰ পৰা সৰবৰাহ কৰা বিলাতি সুৰাখিনি ৰেলত খাদ্য বিতৰণ কৰা লোকজনে ৰেলৰ যাত্রীসকলক বিক্ৰী কৰিছিল দীৰ্ঘদিনৰপৰা ।
এক খবৰৰ ভিত্তিত ডিব্ৰুগড়ৰ পৰা অহা বিশেষ ৰেলৱে আৰক্ষীৰ দলটোৱে তিনিচুকীয়া ৰেলৱে আৰক্ষী দলৰ স’তে আটক কৰে নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনত ।
দ্বিতীয় সফলতা:
মঙলবাৰে তিনিচুকীয়া নিউ ৰেলৱে ষ্টেচনত ৰেলৱে আৰক্ষীৰ উক্ত বিশেষ দলটোৱে অভিযান চলাই ১,১৫,৯০০ টকাসহ ১৯ টাকৈ বিভিন্ন ব্ৰেণ্ডৰ বিলাতি মদৰ বটলৰ স’তে আটক কৰে বিহাৰৰ দিবাকৰ কুমাৰ ৰায়(৩৯)ক ।
বিশেষ দলটোৱে জানিব দিয়া অনুসৰি অৰুণাচল প্ৰদেশত কৰ্মৰত হৈ থকা ব্যক্তিজন তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ পৰা বিহাৰলৈ ৰেল যোগেদি যাবলৈ ষ্টেচনতে ৰৈ আছিল ।
বিলাতী সুৰাখিনি নিশাই ৰেলৱে আৰক্ষীয়ে জব্দ কৰি তিনিচুকীয়াৰ আবকাৰী বিভাগক গতাই দিয়াৰ লগতে দুয়োগৰাকী ব্যক্তিৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে ৷
এতিয়া প্ৰশ্ন হৈছে, চৰকাৰে ঘোষণা কৰা ডিজিটেল ইণ্ডিয়াৰ নামত কি চলিছে ৰেলৱে ষ্টেচনসমূহত ? প্ৰতিটো স্থানত চি চি টিভি কেমেৰা স্থাপন কৰাৰ লগতে তৰপে তৰপে বয়বস্তুৰ তালাচী চলোৱাৰ পাছতো ৰেলৱে ষ্টেচনত কেনেদৰে দীৰ্ঘদিনৰ পৰা চলি আহিছে সুৰাৰ লগতে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ?
পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব যে, ৰেলৱে ষ্টেচনসমূহত কেন্দ্ৰীয় চৰকাৰ অথবা ৰেলৱে বিভাগে নাকী লগাব পাৰিব নে এনদৰেই অব্যাহত থাকিব বিভিন্ন অবৈধ সামগ্ৰীৰ ৰমৰমীয়া বেহা ।




























