শনিবাৰে আফগান বৈদেশিক মন্ত্রী আমিৰ খান মুত্তাকিয়ে কয় যে আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰৰ পাছত তেওঁলোকৰ প্রথম মুখামুখি আলোচনাত আমেৰিকাক সতর্ক কৰা হৈছে তেওঁলোকে যেন আফগানিস্তানত অস্থিৰতা সৃষ্টিৰ চেষ্টা নকৰে ।
মার্কিন নেতৃত্বাধীন আক্রমণত তালিবানৰ পতনৰ ২০ বছৰ পাছত আফগানিস্তানত তালিবানসকলে তেওঁলোকৰ শাসন পুনঃপ্রতিষ্ঠা কৰাৰ পাছত মুত্তাকিৰে এই মন্তব্য কৰে । কাতাৰৰ ৰাজধানী দোহাত আলোচনাৰ পাছত মুত্তাকিয়ে আফগানিস্তানৰ ৰাষ্ট্রীয় সংবাদ সংস্থা বখতাৰক কয়, “আমি তেওঁলোকক স্পষ্টভাৱে কৈছো যে, আফগানিস্তানত চৰকাৰৰ স্থিতিশীলতা নষ্ট কৰাৰ চেষ্টা কাৰো বাবে ভাল নহয় ।” তেওঁ আৰু কয়, “আফগানিস্তানৰ স’তে সুসম্পর্ক সকলোৰে বাবে ভাল । আফগানিস্তানৰ বর্তমান চৰকাৰক দুর্বল কৰিবৰ বাবে এনে কিছু কৰা উচিত নহয় যি জনগনৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে ।” বৈদেশিক দপ্তৰৰ ডেপুটি স্পেচিয়েল ৰিপ্রেজেন্টেটিভ টম ৱেষ্ট আৰু ইউএছএইড-ৰ শীর্ষ হিউমেনিটেৰিয়েন বিষয়া ছাৰা চার্লছৰ নেতৃত্বত এটা আমেৰিকান দলৰ স’তে দুদিনৰ আলোচনাৰ প্রথম দিনাই মুত্তাকিয়ে এই মন্তব্য কৰে ।
মুত্তাকিয়ে কয়, আমেৰিকাই আফগানসকলৰ ভেকচিনেচনত সহায় কৰা উচিত । আমেৰিকাৰ তৰফৰ পৰা এই বৈঠকৰ বিষয়ত কোনো মন্তব্য কৰা হোৱা নাই । মুত্তাকিয়ে জনায়, আমেৰিকাই ভেকচিনেচনত সহায় কৰাৰ প্রতিশ্রুতি দিছে । তেওঁ লগতে কয়, “প্রতিশ্রুতি দিয়া হৈছে যে দুয়ো দেশে সুসম্পর্ক বজায় ৰাখিব আৰু আফগানিস্তানে এই কঠিন সময় পাৰ কৰাৰ সময়ত তেওঁলোকে ধৈর্য ৰাখিব যাতে আফগানিস্তানে অধিক শক্তিশালী হৈ এই অৱস্থাৰ পৰা ওলাই আহে ।”





























